নিউজ ডেস্ক, 30 অক্টোবৰ : এজন টানিশ্বিয়ান লোকে ফ্ৰান্সৰ এখন গিৰ্জাঘৰত তিনিজন লোকক হত্যা কৰাৰ ঘটনাৰ পাছত উক্ত ঘটনাৰে জড়িত থকাৰ সন্দেহত শুকুৰবাৰে আৰক্ষীয়ে আন এজন লোকক আটক কৰিছে ৷ ফ্ৰান্সত ইছলাম ধৰ্মৰ পয়গম্বৰৰ বিকৃত কাৰ্টুন প্ৰচাৰক কেন্দ্ৰ কৰি চলি থকা হিংসাত্মক ঘটনাই বিগত কিছুদিন ধৰি ফ্ৰান্সত উত্তেজনাৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ বিশ্বতে এই ঘটনা চৰ্চাৰ বিষয় হৈ পৰিছে ৷ ইতিমধ্যে ঘটনাটো একপ্ৰকাৰে ফ্ৰান্সত ৰাজনৈতিক বিষয় হৈ পৰিছে ৷
নাম প্ৰকাশৰ পৰা বিৰত থকা এজন ন্যায়িক বিষয়াই জনোৱা মতে,সন্দেহকাৰীজন এজন ৪৭ বছৰীয়া ব্যক্তি যিজনে ৰিভেইৰা চহৰ নিচৰ কেথিড্ৰালত গিৰ্জাঘৰত আক্ৰমণ কৰাৰ আগতে নিশা আক্ৰমণকাৰীৰ সৈতে যোগাযোগ কৰিছিল । ইব্ৰাহিম ইচাউই আৰক্ষীয়ে দিয়া প্ৰত্যুৎত্তৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে বিষয়টো ফ্ৰান্স আৰু টিউনিছিয়াত সন্ত্ৰাসবাদ নিৰোধক শাখাই তদন্ত কৰি আছে ।