অসম

assam

By

Published : Apr 26, 2019, 8:51 PM IST

ETV Bharat / international

নীৰৱ মোডীৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

তেওঁৰ বিৰুদ্ধে তথা সাক্ষী তথা প্ৰমাণৰ লগত হেৰ ফেৰ কৰাৰ সন্দেহত এই নিৰ্দেশনা প্ৰদান কৰিছে আদালতে ৷  24 মেত হ'বলগীয়া এই পৰৱৰ্তী শুনানিলৈকে নীৰৱ মোডীক জিম্মাত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

নীৰৱ মোডীৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

লণ্ডন ,26 এপ্ৰিল: পঞ্জাৱ নেশ্বনেল বেংকৰ জালিয়াতি কাণ্ডৰ মূল অভিযুক্ত নীৰৱ মোডীৰ ন্যায়িক জিম্মা 24 মেলৈ বৃদ্ধি ৷ শুকুৰবাৰে লণ্ডনৰ এখন আদালতে প্ৰদান কৰে এই নিৰ্দেশনা ৷ 19 মাৰ্চত দক্ষিণ পশ্চিম লণ্ডনত আটক হোৱা নীৰৱ মোডীৰ দ্বিতীয় খন জামিন আবেদন নাকচ কৰে আদালতে ৷


ৱেষ্টমিনষ্টাৰ মেজিষ্ট্ৰেট আদালতে আৰক্ষীক 24 মেত হ'বলগীয়া এই পৰৱৰ্তী শুনানিলৈকে নীৰৱ মোডীক জিম্মাত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ তেওঁৰ বিৰুদ্ধে তথা সাক্ষী তথা প্ৰমাণৰ লগত হেৰ ফেৰ কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি আদালতে নাকচ কৰে তেওঁৰ দ্বিতীয়খন জামিন আবেদন ৷ জালিয়াতিকাণ্ডটোৰ অভিযুক্তগৰাকীক ভি ডি অ' কনফাৰন্সেৰ জৰিয়তে আদালতত শুনানি গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক : নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰাকৈ উভতিব লগা হ'ল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী

উল্লেখযোগ্য যে , পঞ্জাৱ নেশ্বনেল বেংকত প্ৰায় 13,500 কোটি টকাৰ জালিয়াতি কাণ্ড সংঘটিত কৰি ভাৰতৰ পৰা পলায়ন কৰিছিল কাণ্ডটোৰ মূল অভিযুক্ত তথা গুজৰাটৰ হীৰা ব্যৱসায়ী নীৰৱ মোডী ৷ মে 2018 ত ভাৰতৰ এনফৰ্চমেণ্ট ডাইৰেকটৰেচে নীৰৱ মোডী তথা এই কাণ্ডটোৰ আন এক অভিযুক্ত মেহুল সক্সিৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল ৷ ইয়াৰ পাচতে 19 মাৰ্চত লণ্ডনত আটক হৈছিল নীৰৱ মোডী ৷ ইয়াৰ পূৰ্বে 21 মাৰ্চত আদালতে নাকচ কৰিছিল নীৰৱ মোডীৰ প্ৰথম খন জামিন আবেদন ৷

ABOUT THE AUTHOR

...view details