অসম

assam

ETV Bharat / international

89 শতাংশ কাৰ্যকৰ Novavax-ৰ ক’ভিড প্ৰতিষেধক

বৃটিছ গৱেষণাৰ প্ৰাথমিক তদন্তত Novavax Inc.ৰ ক’ভিড 19 প্ৰতিষেধক 89 শতাংশ কাৰ্যক্ষম বুলি প্ৰকাশ পাইছে ৷ ইয়াৰ উপৰিও এই প্ৰতিষেধক বৃটেইন আৰু দক্ষিণ আফ্ৰিকাত দেখিবলৈ পোৱা ক’ভিড 19ৰ নতুন প্ৰৱাহৰ ক্ষেত্ৰতো কাৰ্যক্ষম বুলি জানিব পৰা গৈছে ৷

Laboratory trials of the Novavax vaccine in the UK
89 শতাংশ কাৰ্যকৰ Novavaxৰ ক’ভিড প্ৰতিষেধক

By

Published : Jan 29, 2021, 10:04 PM IST

নিউজ ডেস্ক,29 জানুৱাৰী: বৃটিছ গৱেষণাৰ প্ৰাথমিক তদন্তত Novavax Inc.ৰ ক’ভিড 19 প্ৰতিষেধক 89 শতাংশ কাৰ্যক্ষম বুলি প্ৰকাশ পাইছে ৷ ইয়াৰ উপৰিও এই প্ৰতিষেধক বৃটেইন আৰু দক্ষিণ আফ্ৰিকাত দেখিবলৈ পোৱা ক’ভিড 19ৰ নতুন প্ৰৱাহৰ ক্ষেত্ৰতো কাৰ্যক্ষম বুলি জানিব পৰা গৈছে ৷ বিশ্বজুৰি মহামাৰী কৰ’ণাৰ সৈতে যুঁজ দিয়াৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে যদিও এই প্ৰতিষেধকসমূহ সম্পূৰ্ণ কাৰ্যক্ষম হয় নে নহয় সেইয়া এতিয়াও উদ্বেগৰ বিষয় হৈ আছে ৷ এনে পৰিস্থিতিত এটি নতুন শক্তিশালী প্ৰতিষেধকৰ প্ৰয়োজন ৷

উল্লেখ্য যে, বৃটেইনত প্ৰায় 15,000 লোকৰ ওপৰত এই সমীক্ষা চলোৱা হৈছে ৷ কিন্তু এই সমীক্ষাত ধৰা পৰিছে যে, স্বেচ্ছাসেৱী সকলৰ ভিতৰত 62 জন লোকৰ দেহত ক’ভিড 19 পজিটিভ ধৰা পৰিছে ৷ ইয়াৰ কেৱল 6 গৰাকী স্বেচ্ছাসেৱীকহে প্ৰতিষেধক প্ৰদান কৰা হৈছিল ৷ Novavax Inc.ৰ প্ৰতিস্থানটোৱে জানিব দিয়া মতে, তেওঁলোকৰ প্ৰতিষেধকটো কৰ’ণাৰ পুৰণি প্ৰৱাহৰ ক্ষেত্ৰত 96 শতাংশ কাৰ্যক্ষম তথা নতুন প্ৰৱাহৰ ক্ষেত্ৰত 86 শতাংশ কাৰ্যক্ষম ৷

লগতে পঢ়ক-জলবায়ু পৰিৱৰ্তন ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ কেন্দ্ৰ হ'ব : বাইডেন

ABOUT THE AUTHOR

...view details