অসম

assam

ETV Bharat / international

KFCয়ে মস্কোত প্ৰথম বাৰৰ মুকলি কৰিলে ৰবটিক ৰেষ্টুৰেণ্ট - ৰবৰ্টিক ৰেষ্টুৰেণ্ট

মস্কোত KFC কৰ্তৃপক্ষই নিৰ্মাণ কৰিছে সম্পূৰ্ণ স্বয়ংক্ৰিয়ভাৱে খাদ্য সংগ্ৰহৰ ব্যৱস্থা থকা প্ৰথমখন ৰেষ্টুৰেণ্ট । এই ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰা পদ্ধতিৰ জৰিয়তে সামাজিক দূৰত্ব বজাই ৰাখি মহামাৰী কৰ'ণা প্ৰতিৰোধ কৰিবলৈ কিছু পৰিমাণে হলেও সক্ষম হ'ব বুলি উল্লেখ কৰে KFC কৰ্তৃপক্ষই ।

KFC
KFCয়ে মস্কোত প্ৰথম বাৰৰ মুকলি কৰিলে ৰবটিক ৰেষ্টুৰেণ্ট

By

Published : Jun 23, 2020, 12:27 PM IST

নিউজ ডেস্ক, ২৩ জুনঃ সমগ্ৰ বিশ্বতে ফাষ্ট ফুডৰ বাবে জনপ্ৰিয় KFCয়ে মস্কোত মুকলি কৰে সম্পূৰ্ণ স্বয়ংক্ৰিয়ভাৱে খাদ্য সংগ্ৰহৰ ব্যৱস্থা থকা প্ৰথমখন ৰেষ্টুৰেণ্ট । এক বিশেষ ডিজাইনত বনোৱা এটি ৰবটে জৰিয়তে এই ৰেষ্টুৰেণ্টখন মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে KFCকৰ্তৃপক্ষই ।

KFCয়ে মস্কোত প্ৰথম বাৰৰ মুকলি কৰিলে ৰবটিক ৰেষ্টুৰেণ্ট

এজন গ্ৰাহকে খাদ্য অৰ্ডাৰ কৰা সময়ত এটি কেমেৰা গ্ৰাহকসকৰ সন্মুখত আহি বায়োমেট্ৰিক ডাটা সংগ্ৰহ কৰে । আৰু তাৰ পাচতে খাদ্য সংগ্ৰহ কৰা স্থানত নিয়াৰিকৈ লৈ গৈ তাৰ পৰা ৰবটটোৱে গ্ৰাহকৰ মাজত খাদ্য বিতৰণ কৰে ।

আনহাতে,এই আধুনিক ৰেষ্টুৰেণ্ট সন্দৰ্ভত KFC কৰ্তৃপক্ষই কয় যে,এইখন এখন আধুনিক ৰেষ্টুৰেণ্ট । যি সম্পূৰ্ণ নতুন প্ৰযুক্তিৰ মাধ্য়মৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে । এই ৰেষ্টুৰেন্টৰ জৰিয়তে ভৱিষ্যতে কেনেদৰে প্ৰযুক্তিৰ সহায়ত আগবাঢ়িব তাৰ বাবে সহায় কৰিব বুলি মত প্ৰকাশ কৰে । তাৰপোৰি এই প্ৰযুক্তিকৰ জৰিয়তে নিৰ্মাণ কৰা ৰেষ্টুৰেণ্টখনৰ পৰা বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী COVID-19 প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় হ'ব বুলি উল্লেখ কৰে ।

KFCয়ে মস্কোত প্ৰথম বাৰৰ মুকলি কৰিলে ৰবটিক ৰেষ্টুৰেণ্ট

মস্কোত নিৰ্মাণ কৰা এইখন ৰেষ্টুৰেণ্টত স্বয়ংক্ৰিয়ভাৱে খাদ্য বিতৰণ কৰা KFCৰ প্ৰথমখন ৰেষ্টুৰেণ্ট । উল্লেখ্য যে,সমগ্ৰ বিশ্বৰ ১৩৫ খন দেশত বৰ্তমান পৰ্যন্ত ২৩,০০০ ৰো অধিক KFC ৰেষ্টুৰেণ্ট খোলা হৈছে ।

লগতে চাওকঃ জম্মু কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী: শ্বহীদ জোৱান

ABOUT THE AUTHOR

...view details