অসম

assam

By

Published : Dec 28, 2020, 6:58 AM IST

ETV Bharat / international

জৰ্ডানত দুগৰাকীৰ দেহত ক'ভিড-19 ৰ নতুন লক্ষণ

জৰ্ডানত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ নতুন লক্ষণ ৷ ইংলেণ্ডৰ পৰা 19 ডিচেম্বৰত জৰ্ডানত উপস্থিত হোৱা এক দম্পতীৰ দেহত ধৰা পৰিছে নতুন কৰ'ণা ভাইৰাছৰ লক্ষণ ৷

জৰ্ডান
জৰ্ডানত দুগৰাকীৰ দেহত ক'ভিড-19 ৰ নতুন লক্ষণ

ইন্টাৰনেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ :জৰ্ডানত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ নতুন লক্ষণ ৷ এই দুই আক্ৰান্তৰ ইংলেণ্ডৰ সৈতে লিংক থকা বুলি জানিব পৰা গৈছে ৷ ইংলেণ্ডৰ পৰা 19 ডিচেম্বৰত জৰ্ডানত উপস্থিত হোৱা এক দম্পতীৰ দেহত এই ৰোগ ধৰা পেলাইছে বুলি জানিবলৈ দিয়ে দেশখনৰ স্বাস্থ্যমন্ত্ৰীয়ে ৷

আক্ৰান্ত দুয়োগৰাকী লোক বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, 14 ডিচেম্বৰৰ দিনা ইংলেণ্ডৰ স্বাস্থ্য সচিব মেট হেনককে কৰ'ণা ভাইৰাছৰ নতুন লক্ষণ চাউথ ইষ্ট ইংলেণ্ডত ধৰা পৰা বুলি ঘোষণা কৰিছিল ৷

ইউৰোপৰ লগতে অন্য দেশতো এই নতুন লক্ষণ সংক্ৰমিত হোৱাৰ আশংকা কৰা হৈছে ৷ সেয়েহে বহুকেইখন দেশে ইংলেণ্ডৰ সৈতে আন্তৰাষ্ট্ৰীয় বিমান চলাচলত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

লগতে পঢ়ক :আইএলপি মনিপুৰলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ উপহাৰঃ অমিত শ্বাহ

ABOUT THE AUTHOR

...view details