ইন্টাৰনেশ্যনেল ডেস্ক, 12 এপ্ৰিল : কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ ডাউনিং ষ্ট্ৰিটে লগতে জানিবলৈ দিয়ে যে, চিকিৎসালয়ৰপৰা মুক্তি পালেও এতিয়াই কৰ্মস্থলীত যোগদান নকৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
আৰোগ্য হোৱাৰ পাচতে প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমটো বিবৃতিত কয়, "চিকিৎসা কৰ্মীসকলক মই ধন্যবাদ জনাই শেষ কৰিব নোৱাৰো ৷" লণ্ডনৰ ছেইন্ট থমাছ হাস্পতালত চিকিৎধীন হোৱা প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁ চিকিৎসা কৰ্মীসকলৰ আগত ঋণী হৈ ৰ'ল ৷
উল্লেখ্য যে, 55 বৰ্ষীয় জনছন 2 সপ্তাহৰ আগতে বিশ্বৰ প্ৰথমজন বিখ্যাত নেতা হিচাপে এই ৰোগত আক্ৰান্ত হৈছিল ৷ প্ৰথম অৱস্থাত সামান্য কাঁহ আৰু জ্বৰ হোৱাৰ পাচতে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰি পৰিছিল জনছন ৷