অসম

assam

ETV Bharat / international

মৃত্যু উপত্যকাত পৰিণত ইটালী : মৃতকৰ সংখ্য়া 10,000 লৈ বৃদ্ধি

বৰ্তমানলৈকে ইটালীত মৃত্য়ু 10,000 লোকৰ ৷ আনহাতে, আক্ৰান্ত 92,472 লোক ৷

মৃত্যু  উপত্যকাত পৰিণত ইটালী
ইটালীত মৃতকৰ সংখ্য়া 10,000 লৈ বৃদ্ধি

By

Published : Mar 29, 2020, 10:22 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 29 মাৰ্চ : ন'বেল কৰ'ণাভাইৰাছৰ ফলত ইটালীত পুনৰ 889 জন লোকৰ মৃত্যু হোৱাত শনিবাৰ পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা 10,000 লৈ বৃদ্ধি পালে ৷ এই তথ্য প্ৰদান কৰে দেশখনৰ নাগৰিক সুৰক্ষা সেৱাই ৷

বিগত মাহত আৰম্ভ হোৱা কোভিড-19 আতংকই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিছে ইটালীক ৷ বৰ্তমানলৈকে 10,000 লোকে প্ৰাণ হেৰুওৱাৰ লগতে নতুনকৈ 5,974 জন লোক আক্ৰান্ত হোৱাৰ ফলত আক্ৰান্তৰ সংখ্যা 92,472 লৈ বৃদ্ধি পাইছে ৷

কিন্তু, এই মৃত্যৰ পৰিমাণ পূৰ্বৰ দিনতকৈ হ্ৰাস পোৱা বুলিও জানিব পৰা গৈছে ৷ পূৰ্বে প্ৰতিদিনৰ হিচাপত প্ৰায় 969 জনকৈ লোকৰ মৃত্যু হৈছিল ইটালীত ৷ মৃত্য আৰু আক্ৰান্ত লোকৰ সংখ্যাৰ ক্ষেত্ৰত ইটালীয়ে চীনকো চেৰ পেলায় ৷

আৰু পঢ়ক : কৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য...

ABOUT THE AUTHOR

...view details