ইন্টাৰনেচনেল ডেস্ক , ২২ ডিচেম্বৰ :বিদায় ২০২০ আৰু কৰ'ণা । আশা কৰো ২০২১ য়ে কৰ'ণামুক্ত কৰিব আমাৰ জীৱন ।
ডিচেম্বৰ ২০১৯
চীনৰ য়ুহান চহৰত এক ৰহস্য়জনক নিউমোনিয়াৰ ঘটনা পোহৰলৈ আহে । চিকিৎসকে ইয়াৰ কাৰণ জ্ঞাত ভাইৰাচ বুলি অস্বীকাৰ কৰিলে; সন্দেহ কৰা হ'ল এয়া কোনো নতুন জীৱাণু । য়ুনান সাগৰীয় খাদ্য় সামগ্ৰীৰ বজাৰত কাম কৰা একাংশ লোক আক্ৰান্ত হয়, যিখন বজাৰত জীৱিত জীৱ-জন্তু বিক্ৰী কৰা হয় ।
৩১ ডিচেম্বৰ ২০১৯
চীনৰ ৰহস্য়জনক নিউমোনিয়াৰ ঘটনাৰ কথা বিশ্ব স্বাস্থ্য় সংস্থা (WHO) ক জনোৱা হয় । এই পৰ্যায়ত, কৰ্মকৰ্তাৰ মতে মানুহৰ শৰীৰত সংক্ৰমণ হোৱাৰ কোনো স্পষ্ট প্ৰমাণ নাই । পিছদিনা জীৱাণুমুক্ত কৰাৰ উদ্দেশ্য়ে বজাৰখন বন্ধ কৰি দিয়া হ'ল ।
৯ জানুৱাৰী ২০২০
এক সুক্ষ্ম জীৱৰ পৰা নতুন ক'ৰণা ভাইৰাছৰ ৰূপত প্ৰাদুৰ্ভাৱ হোৱা বুলি চীনে দাবী কৰে; যি ধৰণে ২০০২ ৰ পৰা ২০০৪ ৰ সময়চোৱাত এচএআৰএচ (SARS) ক ঘতক ৰূপত দেখা গৈছিল ।
অতি শীঘ্ৰে গৱেষকসকলে নতুন ভাইৰাছৰ জীণৰ খচৰা প্ৰকাশ কৰে, যিটো জীণগত পৰীক্ষাৰ প্ৰথম পদক্ষেপ ।
মধ্য় জানুৱাৰী ২০২০
থাইলেণ্ড, জাপান আৰু দক্ষিণ কোৰিয়াত এই ঘটনা ধৰা পৰাৰ লগে লগে নতুন কৰ'ণা ভাইৰাছ চীনৰ বাহিৰতো বিয়পিব ধৰিলে । য়ুহান চহৰতে লোকসকলৰ দেহত সংক্ৰমিত হয় এই ভাইৰাছ; কিন্তু কোনো কোনোৱে জনোৱা মতে তেওঁলোকে জীৱ-জন্তুবোৰৰ সংস্পৰ্শলৈ অহা নাছিল আৰু তেতিয়া কোৱা হৈছিল যে ভাইৰাছ এতিয়া মানুহৰ মাজত বিয়পিব ধৰিছে ।
২০২০ ৰ জানুৱাৰীৰ শেষলৈ
কোনো কোনো অধ্য়য়নত পোহৰলৈ আহে যে জন্তুৰ শৰীৰত উৎপন্ন হোৱা এই ভাইৰাছ এতিয়া মানুহৰ ক্ষেত্ৰটো ইজনৰ পৰা সিজনৰ দেহলৈ বিয়পিছে । চীনৰ লগতে বিশ্বৰ ১৮ খন দেশত ভাইৰাছ বিয়পি পৰাত ৩০ জানুৱাৰীত WHOয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনস্বাস্থ্য়ৰ প্ৰতি জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে ।
ফেব্ৰুৱাৰী ২০২০
অষ্ট্ৰিয়া আৰু ইটালীত স্কী ৰিজৰ্টৰ পৰা বহু যাত্ৰীয়ে ঘৰলৈ ভাইৰাছ কঢ়িয়াই অনাৰ ঘটনা পোহৰলৈ আহে । অষ্ট্ৰিয়াৰ ইচগল ৰিজৰ্টৰ লগত সম্পৰ্ক ৰখা ৪৫ খনৰ দেশত কেইবা হাজাৰ লোকৰ শৰীৰত ধৰা পৰে এই ভাইৰাছ । বহু ৰিজৰ্টৰ পৰা ততাতৈয়াকৈ ক্ৰেম বাছেৰে যাত্ৰী খালী কৰাৰ বাবে সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে ।
১১ মাৰ্চ ২০২০
WHO য়ে আনুষ্ঠানিকভাৱে ইয়াক মহামাৰী হিচাপে ঘোষণা কৰে । উত্তৰ ইটালীত ইমান দ্ৰুতগতিত ঘটনা বাঢ়িলে যে কিছুমান হাস্পতালত ভেন্টিলেটৰৰ বিছনা সম্পূৰ্ণ হবলৈ ধৰিলে, এই সমস্য়া সমাধান কৰিবলৈ তাত নিয়ম প্ৰৱৰ্তন কৰিবলগীয়া হয় । সেই সময়তে নিউইয়ৰ্কত হাস্পতালসমূহে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিব ধৰিলে ।
মধ্য় মাৰ্চ ২০২০