অসম

assam

ETV Bharat / international

গ্ল'ৱেল COVID ট্ৰেকাৰ - বিশ্বত 83,92,582 লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত

কৰ'ণা ভাইৰাছ মহামাৰীয়ে সমগ্ৰ বিশ্বতে 83,92,582 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 4,50,452 গৰাকীৰ ৷ প্ৰায় 4,405,312 গৰাকীয়ে বৰ্তমানলৈকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

Global COVID tracker
গ্ল'ৱেল COVID ট্ৰেকাৰ

By

Published : Jun 18, 2020, 12:35 PM IST

নেশ্যনেল ডেস্ক, 18 জুন : কৰ'ণা ভাইৰাছ মহামাৰীয়ে সমগ্ৰ বিশ্বতে 83,92,582 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 4,50,452 গৰাকীৰ ৷ প্ৰায় 4,405,312 গৰাকীয়ে বৰ্তমানলৈকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

যোৱা 24 ঘন্টাত কৰ'ণা ভাইৰাছৰ ফলত ফ্ৰান্সত মৃত্যু হৈছে 28 গৰাকীৰ ৷ ইয়াৰ ফলত ফ্ৰান্সত মৃতকৰ সংখ্যা 29,575 গৰাকীলৈ বৃদ্ধি পালে ৷

গ্ল'ৱেল COVID ট্ৰেকাৰ

আনহাতে, বেইজিঙত বুধবাৰৰ দিনা 21 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ৷ বৃহস্পতিবাৰে স্বাস্থ্য আয়োগে প্ৰদান কৰিছে এই তথ্য ৷

বুধবাৰ পৰ্যন্ত বেইজিঙত ভ্ৰমণ ইতিবৃত্ত নথকা 578 গৰাকী লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে 411 গৰাকী আৰোগ্য হৈ উঠাৰ লগতে মৃত্যু হৈছে 9 গৰাকীৰ ৷

গ্ল'ৱেল COVID ট্ৰেকাৰ

দক্ষিণ কোৰিয়াত 59 টা নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ৷ উল্লেখ্য যে, দেশৰ ৰাজধানীখনত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ 51 মিলিয়ন জনসংখ্যাৰ দক্ষিণ কোৰিয়াৰ আধাসংখ্যক লোকেই ৰাজধানী চহৰত বাস কৰে ৷ বৰ্তমানলৈকে দেশখনত আক্ৰান্তৰ সংখ্যা 12,257 হোৱাৰ পৰিৱৰ্তে মৃত্যু হৈছে 280 গৰাকীৰ ৷

বিশ্বৰ সৰ্বাধিক আক্ৰান্তৰ তালিকাত চতুৰ্থ স্থানত আছে ভাৰতবৰ্ষ ৷ ভাৰতত আক্ৰান্তৰ সংখ্যা 366,946 গৰাকীলৈ বৃদ্ধি ৷

আৰু পঢ়ক : 'সত্যই প্ৰাধান্য পাবই', অভিনেতা সুশান্তৰ মৃত্যুত দোষী অভিযুক্ত একতা কাপুৰৰ মন্তব্য

ABOUT THE AUTHOR

...view details