নিউজ ডেস্ক, 6 মে':চদ্মনাম এলিয়ট এল্ডালচনৰ নামেৰে ফৰাচী হেকাৰে টুইটৰ জৰিয়তে দাবী কৰিছিল যে, আৰোগ্য সেতু এপ অসুৰক্ষিত হৈ আছে । কিন্তু এই দাবী চৰকাৰে প্ৰত্যাখান কৰে।
আৰোগ্য সেতু এপঃ চৰকাৰৰ দাবী খণ্ডন ফৰাচী হেকাৰৰ - টুইট
প্ৰথমে ফৰাচী হেকাৰৰ দাবীক খণ্ডন কৰি চৰকাৰে টুইট প্ৰকাশ কৰিছিল । চৰকাৰৰ এই টুইটক খণ্ডন কৰি আন এক টুইট কৰিছে ফ্ৰান্স হেকাৰে ।
![আৰোগ্য সেতু এপঃ চৰকাৰৰ দাবী খণ্ডন ফৰাচী হেকাৰৰ ফ্ৰান্স হেকাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7092379-373-7092379-1588823351025.jpg)
ফ্ৰান্স হেকাৰ
তাৰ পাচতে তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে টুইট কৰি এই এপত কোনো বিসংগতি নাই বুলি প্ৰকাশ কৰে ।
চৰকাৰৰ এই দাবী খণ্ডন কৰি ফৰাচী নৈতিক হেকাৰে বুধবাৰে আন এটা টুইট কৰে আৰু তাত কয় যে, চৰকাৰে আৰোগ্য সেতু এপত বিসংগতি নাই বুলি দাবী কৰাৰ পূৰ্বে তাত থকা বিসংগতি সমূহ ঠিক কৰিছে , কিন্তু পূৰ্বতে এই এপত বিসংগতি আছিল ।