অসম

assam

ETV Bharat / international

ৰেন'ল্টে কৰ্তন কৰিব 15000 চাকৰি

ফ্ৰান্সত ৪,৬০০ লোকৰ চাকৰিৰ লগতে, সমগ্ৰ বিশ্বতে ১০,০০০ লোকৰ চাকৰি কৰ্তন সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পানীটোৱে । অনাগত তিনি বছৰলৈ ২ বিলিয়ন ইউৰো ব্যয় হ্ৰাসৰ পৰিকল্পনাৰ বাবে এই সিদ্ধান্ত প্ৰতিষ্ঠানটোৰ ।

ৰেন'ল্টে কৰ্তন কৰিব 15000 চাকৰি
ৰেন'ল্টে কৰ্তন কৰিব 15000 চাকৰি

By

Published : May 29, 2020, 2:49 PM IST

নিউজ ডেস্ক, 29 মে': ফ্ৰান্সৰ কাৰ নিৰ্মাণ উদ্যোগ ৰেন'ল্টে সমগ্ৰ বিশ্বতে অনাগত তিনি বছৰলৈ ২ বিলিয়ন ইউৰো ব্যয় হ্ৰাসৰ পৰিকল্পনা কৰাৰ কথা শুকুৰবাৰে ঘোষণা কৰিছে । এই সময়ছোৱাত ব্যয় হ্ৰাসৰ অংশ হিচাপে ১৫,০০০ চাকৰি কৰ্তন কৰিব বুলি জানিবলৈ দিয়ে ।

ৰেন'ল্টে শুকুৰবাৰে জানিবলৈ দিয়া অনুসৰি, ফ্ৰান্সত ৪,৬০০ লোকৰ চাকৰিৰ লগতে সমগ্ৰ বিশ্বতে ১০,০০০ লোকৰ চাকৰি কৰ্তন সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পানীটোৱে ।

কোম্পানী কৰ্তৃপক্ষই কয়, এই গ্ৰুপৰ গোলকীয় উৎপাদন ক্ষমতা ২০১৯ বৰ্ষত ৪ মিলিয়ন হোৱাৰ বিপৰীতে ২০২৪ চনলৈ এই ক্ষমতা 3.3 মিলিয়নলৈ হ্ৰাস কৰিব ।

সমগ্ৰ বিশ্বতে ১৮০,০০০ গৰাকী কৰ্মকৰ্তা থকা এই গ্ৰুপে মৰক্কো আৰু ৰোমানিয়াত পৰিকল্পিত ক্ষমতা বৃদ্ধিৰ প্ৰকল্পসমূহ স্থগিত কৰাৰ ঘোষণা কৰিছে ।

গ্ৰুপটোৱে ৰাছিয়াতো উৎপাদন ক্ষমতা সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে । ইয়াৰ লগতে চীনত ৰেন'ল্টৰ তৈল চালিত বাহনৰ গতিবিধিত বিৰাম লগোৱাৰ বিষয়েও ঘোষণা কৰে ।

এই কোম্পানীটোও কৰ'ণা ভাইৰাছৰ বাবে জাৰি কৰা লক ডাউনৰ ফলত যথেষ্ট প্ৰভাৱিত হৈছে । নিছান আৰু মিছিবিছিৰ সৈতে ৰেন'ল্ট চুক্তিবদ্ধ হৈছিল । কিন্তু তাৰ পাচত 2018 চনৰ পৰাই প্ৰতিষ্ঠানটটো লোকচানৰ সন্মূখীন হৈছিল । 2019 চনত উদ্যোগটোৱে প্ৰথমবাৰলৈ লোকচানৰ কথা প্ৰকাশ কৰে ।

উল্লেখ্য যে, ফ্ৰান্স চৰকাৰে ৰেন'ল্টৰ আটাইতকৈ বেছি অংশীদাৰিত্ব ক্ৰয় কৰিছে । এই অংশীদাৰিত্বৰ পৰিমান 15 শতাংশ আৰু 5 বলিয়ন ইউৰো ঋণৰ গ্যেৰেন্টী দিছে ।

ABOUT THE AUTHOR

...view details