অসম

assam

ETV Bharat / international

ফ্ৰান্সত কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমণৰ প্ৰথমটো ঘটনা

ইংলেণ্ড পৰা যোৱা ফ্ৰান্সৰ এগৰাকী নাগৰিকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন । সম্প্ৰতি হোম আইছ'লেছনত আছে লোকজন ।

ফ্ৰান্সত কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমণৰ প্ৰথমটো ঘটনা
ফ্ৰান্সত কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমণৰ প্ৰথমটো ঘটনা

By

Published : Dec 26, 2020, 7:38 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ: কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন(প্ৰজাতি) ইলেণ্ডৰ পৰা বিয়পিছে ফ্ৰান্সলৈ । প্ৰথমটো আক্ৰান্তৰ ঘটনা পঞ্জীয়ন কৰা হৈছে ফ্ৰান্সত । ফ্ৰান্সৰ সংবাদ গোষ্ঠী বি এফ এম টিভিয়ে শুক্ৰবাৰে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ফ্ৰান্সৰ এগৰাকী নাগৰিক ইংলেণ্ডৰ পৰা ফ্ৰান্সলৈ গৈছিল । তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন(প্ৰজাতি) থকাৰ কথা ইতিমধ্যে প্ৰমাণিত হৈছে ।

ফ্ৰান্সত কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমণৰ প্ৰথমটো ঘটনা

মহামাৰীত আক্ৰান্ত লোকজনৰ দেহত কোনো ধৰণৰ ৰোগৰ লক্ষণে দেখা দিয়া নাই যদিও তেওঁ বৰ্তমান হোম আইছ'লেছনত আছে । কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন(প্ৰজাতি) যোৱা সপ্তাহত ইংলেণ্ডত প্ৰথমে পোহৰলৈ আহে । SARS-CoV-2 আন প্ৰজাতিতকৈ এনে ধৰণৰ ভাইৰাছ ৭০ শতাংশ বেছি সংক্ৰমণ হয় । শুক্ৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাই কয় যে, কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন(প্ৰজাতি)ৰ পৰা হোৱা সংক্ৰমণৰ ঘটনা ইতিমধ্যে ইউৰোপৰ ৮ খন দেশত পঞ্জীয়ন কৰা হৈছে ।

লগতে পঢ়ক:সন্ত্ৰাসবাদী সংগঠন হামাছৰ ৰকেট আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ইজৰাইলে

ABOUT THE AUTHOR

...view details