অসম

assam

ETV Bharat / international

পেগাচাছৰ বিৰুদ্ধে বিস্তৃত তদন্তৰ ঘোষণা ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু বহু নেতা পেগাচাছৰ বলি হোৱাৰ এক তথ্য পোহৰলৈ আহিছে । তাৰ পিছতে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে পেগাচাছৰ বিৰুদ্ধে কেইবাটাও সংস্থাৰ দ্বাৰা তদন্তৰ ঘোষণা কৰিছে ।

France orders series of investigations
পেগাচাছৰ বিৰুদ্ধে বিস্তৃত তদন্তৰ ঘোষণা ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ

By

Published : Jul 22, 2021, 5:16 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ জুলাই :পেগাচাছক (Pegasus) লৈ ভাৰতত তীব্ৰ উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে ইজৰাইলী স্পাইৱেৰৰ বিৰুদ্ধে কঠোৰ হৈছে ফ্ৰান্স চৰকাৰ । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ (Emmanuel Macron) লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু বহু নেতা পেগাচাছৰ বলি হোৱাৰ এক তথ্য পোহৰলৈ আহিছে । তাৰ পিছতে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে পেগাচাছৰ বিৰুদ্ধে কেইবাটাও সংস্থাৰ দ্বাৰা তদন্তৰ ঘোষণা কৰিছে । ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জিন কাষ্টেক্সে (Jean Castex) বুধবাৰে কোৱা মতে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱন এলয়চিয়ে পেগাচাছৰ বিৰুদ্ধে কেইবালানী তদন্তৰ ঘোষণা কৰিছে ।

অৱশ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ মতে ঘটনাৰ সবিশেষ নজনাকৈ কোনো নতুন সুৰক্ষা ব্যৱস্থা বা আন পদক্ষেপৰ মন্তব্য বা ঘোষণা কৰাটো তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে গণ্য কৰা হৈছে । সেয়ে সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ইফালে ৰাষ্ট্ৰপতি মেক্ৰন, প্ৰাক্তন প্ৰধানমন্ত্ৰী এডুয়াৰ্ড ফিলিপ আৰু ন্যায় আৰু বৈদেশিক পৰিক্ৰমাসহ ১৪ গৰাকী মন্ত্ৰীৰ ম'বাইল নম্বৰ হেক হোৱা তথ্য প্ৰকাশ পোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ফ্ৰান্সৰ ৰাজনৈতিক নেতাসকলে ।

ইফালে পেগাচাছ প্ৰকল্পৰ অনুসন্ধানৰ সময়ত ফৰেনচিক বিশ্লেষণ অনুসৰি প্ৰাক্তন পৰিৱেশ মন্ত্ৰী ফ্ৰাংকোইছ ডি ৰুগিৰ ম'বাইল ফোনত এনএছঅ'(NSO) গ্ৰুপৰ স্পাইৱেৰৰ সৈতে সম্পৰ্কিত কাৰ্য-কলাপৰ ডিজিটেল চিহ্ন দেখুওৱা হৈছে ।

পেগাচাছ প্ৰকল্পৰ (Pegasus Project) অনুসন্ধান অনুসৰি সন্দেহ কৰা হৈছে যে ঘনিষ্ঠ কূটনৈতিক সম্পৰ্ক থকা মৰক্কো দেশে সম্ভৱত পেগাচাছৰ জৰিয়তে ফ্ৰান্সৰ মেক্ৰন আৰু দলৰ জ্যেষ্ঠসকলক লক্ষ্য হিচাপে লৈছে । ফ্ৰান্সৰ মন্ত্ৰী ডি ৰুগিয়ে বুধবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ফ্ৰান্স আৰু মৰক্কোৰ এক অত্যন্ত ঘনিষ্ঠ কূটনৈতিক সম্পৰ্ক আছে । সেয়ে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা এখন দেশে এনেকুৱা কৰাটো অতি আচৰিত ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে তেওঁ মৰক্কোৰ ৰাষ্ট্ৰদূতৰ সৈতে এই বিষয়ত আলোচনা কৰিছে আৰু বিষয়টো ফৰাচী ৰাজ্যিক আদালতৰ ওচৰলৈ প্ৰেৰণ কৰিছিল । আনহাতে মৰক্কোৱে এই সকলো অভিযোগ নস্যাৎ কৰিছে আৰু এনে খবৰ ভিত্তিহীন বুলি স্পষ্ট কৰি দিছে । উল্লেখ্য যে ফ্ৰান্সৰ এগৰাকী বিতৰ্কিত সাংবাদিক আৰু টিভি এংকৰ এৰিক জেমৌৰে তেওঁৰ এক অনুষ্ঠানত এই তথ্য ফাদিল কৰিছিল ।

লগতে পঢ়ক:পেগাচাছৰ স্পাইৱেৰৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছিল নেকি ইমৰান খানক !

ABOUT THE AUTHOR

...view details