অসম

assam

ETV Bharat / international

F1 Russian Grand Prix: ইউক্ৰেইন সংকটৰ বাবে বাতিল হ'ল ৰাছিয়ান ফৰ্মুলা ৱান গ্ৰেণ্ড প্ৰিক্স - Formula 1 cancels Russian Grand Prix amid Ukraine crisis

জাৰ্মান ৰেচিং ড্ৰাইভাৰ চেবাষ্টিয়ান ভেটেলে ইউক্ৰেইনত ৰাছিয়াৰ চলিত সামৰিক অভিযানৰ মাজত এইবছৰ ফৰ্মুলা ৱানৰ ৰাছিয়ান গ্ৰেণ্ড প্ৰিক্সত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Russian Grand Prix cancelled) ৷ শনিবাৰে এক বিবৃতিযোগে এই কথা ঘোষণা কৰে F1 য়ে ৷

formula-1-cancels-russian-grand-prix-amid-ukraine-crisis
ইউক্ৰেইন সংকটৰ বাবে বাতিল হ'ল ৰাছিয়ান ফৰ্মুলা ৱান গ্ৰেণ্ড প্ৰিক্স

By

Published : Feb 26, 2022, 7:44 PM IST

Updated : Feb 26, 2022, 8:05 PM IST

ইন্টাৰনেচনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী : বাতিল হ’ল ফৰ্মুলা ১ ৰেচিং টুৰ্নামেন্ট (Russian Grand Prix cancelled) । বিশ্বৰ আগশাৰীৰ এই ৰেচিং টুৰ্নামেন্টৰ আয়োজক, ফেডেৰেচন ইণ্টাৰনেচনেল ডি ল'অটোমোবাইল (FIA) য়ে ইউক্ৰেইনৰ সংকটৰ বাবে হ’বলগীয়া ৰাছিয়ান ফৰ্মুলা ১ গ্ৰেণ্ড প্ৰিক্স বাতিল কৰা বুলি ঘোষণা কৰে (Formula one cancels Russian Grand Prix ) ।

সোমবাৰে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ দুটাকৈ অঞ্চল, ডনেটস্ক আৰু লুহানস্কক স্বতন্ত্ৰ হিচাপে ঘোষণা কৰে আৰু তাৰ পাছতেই ডনবাছ অঞ্চলত এক বিশেষ সামৰিক অভিযানৰ নিৰ্দেশ দিয়ে ।

ৰাছিয়াৰ এই সামৰিক অভিযানৰ পাচতেই ইউকে, আমেৰিকা, কানাডা আৰু ইউৰোপীয় ইউনিয়নৰ কেইবাখনো দেশে ৰাছিয়াক এই সামৰিক অভিযানৰ বাবে গৰিহণা দিয়ে ৷ ইতিমধ্য়ে মস্কোৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰা দেখা গৈছে ।

"F1 এ এই বিশ্ব চেম্পিয়নশ্বিপৰ জৰিয়তে পৃথিৱীৰ সকলো লোকক একত্ৰিত কৰাৰ বাবে এক ইতিবাচক দৃষ্টিভংগীৰে সমগ্ৰ দেশবোৰ ভ্ৰমণ কৰে । এই ৰেচিংৰ উদ্দেশ্য হল ৰাষ্ট্ৰসমূহক একত্ৰিত কৰা । আমি যথেষ্ট দুখ আৰু হতবাক হৈ ইউক্ৰেইনৰ ঘটনাৱলী চাই আছো আৰু বৰ্তমান পৰিস্থিতিৰ দ্ৰুত আৰু শান্তিপূৰ্ণ সমাধানৰ আশাৰে বাট চাই আছো," এইদৰে F1 এ এক বিবৃতিত কয় (Russian Grand Prix amid Ukraine crisis ) ।

"বৃহস্পতিবাৰে সন্ধিয়া ফৰ্মুলা 1 (F1), FIA আৰু প্ৰতিযেগী দলসমুহে এক আলোচনাত মিলিত হয় আৰু বৰ্তমান পৰিস্থিতিত ৰাছিয়ান গ্ৰেণ্ড প্ৰিক্স অনুষ্ঠিত কৰাটো অসম্ভৱ বুলি সিদ্ধান্ত গ্ৰহণ কৰে," F1 এ এক বিবৃতিযোগে জনায় ।

আয়েজক সকলে জনায় যে, জাৰ্মান ৰেচিং ড্ৰাইভাৰ চেবাষ্টিয়ান ভেটেলে ইউক্ৰেইনত ৰাছিয়াৰ চলিত সামৰিক অভিযানৰ মাজত এই বছৰ ফৰ্মুলা ৱানৰ ৰাছিয়ান গ্ৰেণ্ড প্ৰিক্সত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এতএব এইবাৰৰ এফ ১ কে সম্ভৱত পাছত আন এটা সময়ত এই ৰেচিং আয়োজন কৰাৰ চেষ্টা কৰিব ।

লগতে পঢ়ক:Russia Ukraine war: আমিন আৱাদক ইউক্ৰেইনৰ বাবে ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে নিযুক্তি

Last Updated : Feb 26, 2022, 8:05 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details