নিউজ ডেস্ক, 19 জুন: 116 বছৰ বয়সত ইউৰোপৰ আটাইতকৈ বৃদ্ধ ব্যক্তি গোচেপিনা ৰ’বাক্কী(ন’না পেপা)ৰ মৃত্যু ৷ ইটালীৰ প’গিঅ ইম্পেৰিয়াল নামৰ চহৰখনত 1903 চনৰ মাৰ্চৰ 20 তাৰিখে জন্মলাভ কৰা আইতা গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 116 বছৰ 90 দিন ৷ বিশ্বত আটাইতকৈ বৃদ্ধ মহিলা গৰাকীতকৈ মাত্ৰ দুমাহ সৰু আছিল তেওঁ ৷ বিশ্বত সৰ্বাধিক কাল জিয়াই থকা লোক সকলৰ ভিতৰত 17 নং স্থানত আছিল ন’না পেপা ৷
ন’না পেপা আৰু নাই!! - প’গিঅ ইম্পেৰিয়াল
ইউৰোপৰ আটাইতকৈ বৃদ্ধা ব্যক্তি গোচেপিনা ৰ’বাক্কী(ন’না পেপা)ৰ মৃত্যু ৷ ইটালীৰ প’গিঅ ইম্পেৰিয়াল নামৰ চহৰখনত 1903 চনৰ মাৰ্চৰ 20 তাৰিখে জন্মলাভ কৰা আইতা গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 116 বছৰ 90 দিন ৷
ন’না পেপা আৰু নাই!!
লগতে পঢ়ক: কাকপথাৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ
তেওঁৰ পাচঁজন সন্তান, ন গৰাকী নাতি আৰু 16 গৰাকী পৰি-নাতি এই সংসাৰত এৰি গৈছে ৷