অসম

assam

By

Published : Dec 28, 2020, 7:23 AM IST

ETV Bharat / international

ইউৰোপত শীঘ্ৰে উপলব্ধ হ'ব পৰ্যাপ্ত ক'ভিড-19 প্ৰতিষেধক

ইউৰোপিয়ান সংঘত শীঘ্ৰেই প্ৰতিগৰাকী নাগৰিকৰ বাবে উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক ৷ ইউৰোপিয়ান আয়োগৰ অধ্যক্ষ উৰছুলা ভন ডাৰ লেয়েনে এই কথা ঘোষণা কৰে ৷ বৰ্তমানলৈকে কেৱল Pfizer প্ৰতিষেধক ব্যৱহাৰৰ বাবে অনুমোদন ইউৰোপিয়ান সংঘৰ ৷ 200 মিলিয়ন ক'ভিড প্ৰতিষেধকৰ বাবে চুক্তি ইউৰোপিয়ান সংঘৰ ৷

European Union to have enough COVID-19 vaccine
ইউৰোপত শীঘ্ৰে উপলব্ধ হ'ব পৰ্যাপ্ত ক'ভিড-19 প্ৰতিষেধক

নেচনেল ডেস্ক, 28 ডিচেম্বৰ: ক'ৰণা অতিমাৰী বৰ্তমানেও এক ভংগুৰ অৱস্থাত থকাৰ পৰিপ্ৰেক্ষিতত ইউৰোপিয়ান আয়োগৰ অধ্যক্ষ উৰছুলা ভন ডাৰ লেয়েনে কয় যে ইউৰোপিয়ান সংঘত শীঘ্ৰে প্ৰতি গৰাকী নাগৰিকৰ বাবে পৰ্যাপ্ত পৰিমাণে ক'ভিড প্ৰতিষেধক উপলব্ধ হ'ব ৷ এতিয়ালৈকে ইউৰোপিয়ান সংঘই কেৱল Pfizer নামৰ ক'ভিড প্ৰতিষেধক বিধহে ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে ৷ দেওবাৰে আয়োগৰ অধ্যক্ষ উৰছুলা ভন ডাৰ লেয়েনে এই কথা জানিবলৈ দিয়ে ৷

এক টুইটযোগে উৰছুলা ভন ডাৰে কয়,"আজি প্ৰথম ইউৰোপিয়ান সকলে ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ ইউৰোপত সকলোৱে এনেকৈ প্ৰতিষেধক লোৱা প্ৰত্যক্ষ কৰি মই আনন্দিত হৈ উঠিছো৷ মাদ্ৰিদ ৰ পৰা পেৰিচ,এথেন্সৰ পৰা ৰিগলৈ প্ৰথমে আমি অধিক অসুৰক্ষিত সকলক প্ৰতিষেধক দিবলৈ চেষ্টা কৰিম ৷ অতি শীঘ্ৰে আমি সকলোৰে বাবে প্ৰতিষেধক উপলব্ধ কৰিম ৷"

এতিয়ালৈকে ইউৰোপত ক'ভিড-19ৰ প্ৰতিষেধক হিচাপে কেৱল Pfizer প্ৰতিষেধক ব্যৱহাৰৰ বাবেহে ইউৰোপিয়ান সংঘই অনুমোদন প্ৰদান কৰিছে ৷ জানিব পৰা মতে ইউৰোপে 200 মিলিয়ন প্ৰতিষেধকৰ বাবে চুক্তি কৰিছে ৷

লগতে পঢ়ক:ইউৰোপত নিষিদ্ধ পাকিস্তানী বিমানৰ চলাচল

ABOUT THE AUTHOR

...view details