অসম

assam

ETV Bharat / international

ভাইৰাছ 'ইমিউনিটি পাছপৰ্ট' জাৰী নকৰাৰ আহ্বান: বিশ্ব স্বাস্থ্য় সংস্থাৰ - কৰ'ণা ভাইৰাছ

বিভিন্ন চৰকাৰে 'ইমিউনিটি পাছপৰ্ট' জাৰী কৰাৰ চিন্তা-চৰ্চা চলাই থকাৰ মাজতেই বিশ্ব স্বাস্থ্য় সংস্থাৰ সকিয়নী ।

Don't issue virus 'immunity passports': WHO
Don't issue virus 'immunity passports': WHO

By

Published : Apr 26, 2020, 2:02 PM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃশেহতীয়াকৈ বিশ্ব স্বাস্থ্য় সংস্থাই বিভিন্ন চৰকাৰ সমূহক প্ৰদান কৰিছে এক সকিয়নী । বিভিন্ন চৰকাৰ সমূহক 'ইমিউনিটি পাছপৰ্ট'অথবা'ৰিস্ক-ফ্ৰী চাৰ্টিফিকেট' জাৰী নকৰাৰ আহ্বান জনাইছে সংস্থাটোৱে । বিশ্ব জুৰি চলা বিভিন্ন অধ্য়য়নৰ ভিত্তিতেই বিশ্ব স্বাস্থ্য় সংস্থাই এই নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰ সমূহলৈ । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পাচত যি সকল সুস্থ হৈ পুনৰ ভ্ৰমণ তথা কাম কৰাৰ বাবে আগ্ৰহী সেই সকলক অৰ্থনৈতিক ব্যৱস্থা পুনৰ তৰান্বিত কৰাৰ কথা চিন্তা কৰিয়ে ইমিউনিটি পাছপৰ্ট দিয়াৰ চিন্তা-চৰ্চা চলাই আছে বিভিন্ন চৰকাৰ সমূহে ।

কিন্তু বৰ্তমান লৈকে এনে কোনো তথ্য় নাই যে কৰ'ণা ভাইৰাছৰ এবাৰ সংক্ৰমণ হৈ আৰোগ্য লাভ কৰাৰ পাচত পুনৰবাৰ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা নথকাৰ । গতিকে ইমিউনিটি পাছপৰ্ট জাৰী কৰা মানে এনে লোকক অনুমতি দিয়া হ'ব যি সকল এণ্টিবডিৰ জৰিয়তে সুস্থ হৈ উঠিছে । কিন্তু এই ব্য়ৱস্থাই পুনৰ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । বহু দেশৰ চৰকাৰে এই ভাইৰাছৰ পৰা মুক্ত হৈ উঠা লোকক কৰ্মলৈ ঘূৰাই আনিবলৈ 'ইমিউনিটি পাছপৰ্ট' জাৰী কৰাৰ কথা চিন্তা-চৰ্চা চলাই আছে ।

এই ভাইৰাছৰ ফলত বিশ্বত বৰ্তমানলৈকে প্ৰায় ২.৮ মিলিয়ন লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ২ লাখ লোক মৃত্য়ু মুখত পৰিছে । জৰ্মানী,ইটালী সহিতে গ্ৰেট ব্ৰিটেইনত এণ্টিবডিৰ বাবে জনসাধাৰণৰ পৰীক্ষণ আৰম্ভ কৰা হৈছে । গ্ৰেট ব্ৰিটেইনত আগন্তুক বৰ্ষৰ বাবে প্ৰত্যেক মাহত ২৫,০০০ হাজাৰ লোকক পৰীক্ষণ কৰা হ'ব। দুয়োটা পৰীক্ষণৰ দ্বাৰা এণ্টিবডি আৰু বৰ্তমান লোকসকলৰ দেহত ভাইৰাছৰ অৱস্থিতি আছে নে নাই জানিব পৰা যাব। ইয়াৰ লগতে অধিক জানিব পৰা যাব যে,এই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে নে নাই যি সকল বৰ্তমান সুস্থ হৈ উঠিছে।

বিগত সপ্তাহত চিলীয়ে ঘোষণা কৰিছিল এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা লোকসকলক হেল্থ পাছপৰ্ট প্ৰদান কৰাৰ কথা। কিন্তু এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই এবাৰ আৰোগ্য লাভ কৰা লোকৰ দেহতো পুনৰ এই ভাইৰাছৰ সংক্ৰমণ হ'ব পাৰে বুলি উল্লেখ কৰি ইমিউনিটি পাছপৰ্ট জাৰী নকৰিবলৈ সকিয়াই দিছে সকলো চৰকাৰক ।

ABOUT THE AUTHOR

...view details