অসম

assam

ETV Bharat / international

COVID-19ৰ উৎপত্তি য়ুহানৰ গৱেষণাগাৰত হৈছিল : নৱেল বিজয়ী বিজ্ঞানীৰ দাবী - Wuhan Institute of Virology

য়ুহানৰ এক গৱেষণাগাৰৰ পৰা কৰ'ণা ভাইৰাছৰ উৎপত্তি হোৱা বুলি মন্তব্য নৱেল বিজয়ী বিজ্ঞানী প্ৰফেচাৰ মন্টাগনিয়েৰৰ ৷ 2008 চনত HIV ভাইৰাছ চিনাক্ত কৰা বাবে নৱেল বঁটা জয় কৰিছিল মন্টাগনিয়েৰে ৷

নৱেলজয়ী বিজ্ঞানীৰ দাবী
COVID-19 ৰ উৎপত্তি য়ুহানৰ গৱেষণাগাৰত হৈছিল

By

Published : Apr 19, 2020, 8:27 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 19 এপ্ৰিল : ফ্ৰেন্স নৱেল বঁটা বিজয়ী বৈজ্ঞানিক লিউক মন্টাগনিয়েৰে সৃষ্টি কৰিছে এক নতুন বিতৰ্কৰ ৷ এই বৈজ্ঞানিক গৰাকীয়ে মন্তব্য় কৰে যে, SARS-CoV-2 নামৰ ভাইৰাছবিধ য়ুহানৰ এক গৱেষণাগাৰৰ পৰা উৎপত্তি হৈছে আৰু AIDSৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ গৈ এই ভাইৰাছৰ জন্ম হ'ল ৷

HIV (Human Immunodeficiency Virus)ভাইৰাছ চিনাক্ত কৰা প্ৰফেচাৰ মন্টাগনিয়েৰে এক সাক্ষাৎকাৰত দাবী কৰে যে,কৰ'ণা ভাইৰাছত HIV আৰু মেলেৰিয়াৰ উপাদান আছে ৷

"2000 চনৰ প্ৰথমভাগৰ পৰাই য়ুহানৰ এই গৱেষণাগাৰত কৰ'ণা ভাইৰাছ সম্পৰ্কত গৱেষণা চলি আছে ৷ এই ক্ষেত্ৰত তেওঁলোক অভিজ্ঞ"- তেওঁ কয় ৷

উল্লেখ্য যে, বহুসময়ৰ পৰাই কৰ'ণা ভাইৰাছ এই গৱেষণাগাৰৰ পৰা উৎপত্তি হোৱা বুলি বিভিন্ন মহলে দাবী জনাই আহিছে ৷ যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল যে, চীনৰ Wuhan Institute of Virologyত কাম কৰি থকা অৱস্থাতে এজন প্ৰশিক্ষণৰত ছাত্ৰৰ পৰা এই ভাইৰাছ আকস্মিকভাৱে নিৰ্গত হৈছিল ৷

The Fox Newsৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে,এয়া মানৱসৃষ্ট নহয়,প্ৰাকৃতিকভাৱে বাদুলীৰ পৰা উৎপত্তি হৈছিল যদিও য়ুহানৰ এক গৱেষণাগাৰত এই সম্পৰ্কত অধ্যয়ন চলাই থকা হৈছিল ৷

লগতে কোৱা হৈছিল যে,প্ৰথম অৱস্থাত এই সংক্ৰমণ বাদুলীৰ পৰা মানুহলৈ হৈছিল ৷ প্ৰথম অৱস্থাত য়ুহানৰ এক গৱেষণাগাৰৰ এজন কৰ্মচাৰী এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচতে সাধাৰণ মানুহৰ দেহত বিয়পিবলৈ আৰম্ভ কৰিছিল ৷

উল্লেখ্য যে, 2008 চনত প্ৰফেচাৰ ফ্ৰাংকইছ বাৰে চিনৌছিৰ সৈতে AIDS চিনাক্ত কৰি উলিওৱা বাবে প্ৰফেচাৰ মন্টাগনিয়েৰে চিকিৎসা বিজ্ঞানৰ নৱেল বঁটা জয় কৰিছিল ৷

অৱশ্যে এই বিস্ফোৰক মন্তব্য কৰাৰ পাচতে বৈজ্ঞানিক আৰু তেওঁৰ সহকৰ্মীৰ পৰা সমালোচনাও লাভ কৰিছে প্ৰফেচাৰ মন্টাগনিয়েৰে ৷

ABOUT THE AUTHOR

...view details