অসম

assam

ETV Bharat / international

য়ুহানত কৰা উন্মাদ গৱেষণাৰ পৰিণতি হৈছে COVID-19 : ৰাছিয়াৰ বিজ্ঞানী - ৰাছিয়াৰ বিজ্ঞানীৰ বিস্ফোৰক মন্তব্য

ৰাছিয়াৰ বিজ্ঞানীৰ বিস্ফোৰক মন্তব্য ৷ য়ুহানৰ গৱেষকৰ উন্মাদ গৱেষণাৰ পৰিণতি হৈছে COVID-19 ৷

পিটাৰ চুমাকোভ
য়ুহানত কৰা উন্মাদ গৱেষণাৰ পৰিণতি হৈছে COVID-19 : ৰাছিয়াৰ বিজ্ঞানী

By

Published : Apr 25, 2020, 12:13 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 24 এপ্ৰিল : ৰাছিয়াৰ এগৰাকী শীৰ্ষ জৈৱ বিজ্ঞানীয়ে দাবী কৰিছে যে, Wuhan Institute of Virology ৰ বিজ্ঞানীয়ে কৰা উন্মাদ গৱেষণাৰ পৰিণতি হৈছে কৰ'ণা ভাইৰাছ ৷

ৰাছিয়াৰ এক সংবাদ মাধ্যমক জৈৱ বিজ্ঞানী পিটাৰ চুমাকোভে কয়, "মোৰ মতে তেওঁলোকে উন্মাদৰ দৰে কাম কৰিছিল ৷ HIV প্ৰতিষেধক প্ৰস্তুত কৰিবৰ বাবে কাম কৰি থকাৰ মাজতে চীনৰ বিজ্ঞানীয়ে এই ভাইৰাছৰ জন্ম দিয়ে ৷"

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৰ'ণা ভাইৰাছ গৱেষণাগাৰৰ পৰা উৎপত্তি হোৱা বুলি মন্তব্য নকৰিবলৈ সতৰ্কতা প্ৰদান কৰাৰ পাচতো বিজ্ঞানী গৰাকীৰ এই বিবৃতি প্ৰকাশ পাইছে ৷

মস্কোৰ Engelhardt Institute of Molecular Biology ৰ মুখ্য গৱেষক চুমাকোভে লগতে কয় যে, কৰ'ণা ভাইৰাছৰ উৎপত্তি সম্পৰ্কত সত্য ছবিখন লাহে লাহেহে পোহৰলৈ আহিছে ৷

প্ৰায় 10 বছৰ ধৰি কৰ'ণা ভাইৰাছৰ বিভিন্ন প্ৰকাৰৰ উৎপত্তি কৰাত য়ুহান গৱেষণাগাৰৰ লোকসকল জড়িত আছে বুলি তেওঁ মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details