অসম

assam

ভাৰতীয় মূলৰ সাংসদ কেইথ ৱাজক নিলম্বন ব্ৰিটিছ সংসদৰ

By

Published : Nov 1, 2019, 10:03 PM IST

লাইচেষ্টাৰ পূৱৰ পৰা নিৰ্বাচিত হোৱা 62 বছৰীয়া ভাৰতীয় মূলৰ লেবাৰ পাৰ্টিৰ সাংসদ কেইথ ৱাজক 6 মাহৰ বাবে নিলম্বন কৰিছে ব্ৰিটিছ সংসদে ৷ নিষিদ্ধ ড্ৰাগছ কোকেইন ক্ৰয়ৰ ইচ্ছা প্ৰকাশ কৰাৰ বাবেই ব্ৰিটিছ সংসদে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

ভাৰতীয় মূলৰ সাংসদ কেইথ ৱাজক নিলম্বন ব্ৰিটিছ সংসদৰ

নিউজ ডেস্ক, 1 নৱেম্বৰঃশুকুৰবাবে গ্ৰেট ব্ৰিটেনৰ সংসদে নিলম্বন কৰে দীৰ্ঘসময় ধৰি কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় মূলৰ লেবাৰ পাৰ্টিৰ সাংসদ কেইথ ৱাজক ৷ নিষিদ্ধ ড্ৰাগছ কোকেইন ক্ৰয়ৰ ইচ্ছা প্ৰকাশ কৰাৰ বাবেই সংসদ সমিতিয়ে 6 মাহৰ বাবে নিলম্বন কৰে সাংসদগৰাকীক৷ পৰ্যবেক্ষণত সাংসদগৰাকীৰ ওপৰত উপযুক্ত তথ্য পোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰাৰ কথা উল্লেখ কৰিছে ৷ এই সন্দৰ্ভত লেবাৰ পাৰ্টিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সাংসদগৰাকীয়ে নিজৰ নিলম্বন স্বীকাৰ কৰিছে আৰু এইটো আমাৰ বাবে অতি দুখৰ বিষয় ৷

ইয়াৰ পূৰ্বে লেবাৰ পাৰ্টীৰ গৃহ সচিব ডায়নে এবাটে কয়, ৱাজক লাইচেষ্টাৰ পূৱৰ হৈ পাৰ্টীৰ এজন প্ৰাৰ্থী হিচাপে তেওঁ অন্য ধৰণে থিয় হোৱাৰ প্ৰয়োজন ৷ কিয়নো 1987 চনৰ পৰা 12 ডিচেম্বৰৰ নিৰ্বাচনলৈ তেওঁ নিৰ্বাচিত হৈ আহিছে ৷ মই ভাৱো তেওঁ পুনৰ স্বয়ং এই পদৰ বাবে নিজৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰিব ৷ এইটো তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ বাবেও অতি দুখজনক বিষয় ৷ ইপিনে ব্ৰটিছ সংসদৰ অধ্যক্ষ কেট গ্ৰীনে কয়, যদিহে তেওঁ পুনৰ নিৰ্বাচিত হয় তেন্তে আগন্তুক সময়তো সদনক ৱাজৰ ওপৰত থকা নিলম্বন বাহাল ৰাখিবলৈ লিখিত আবেদন জনাইছে ৷

ABOUT THE AUTHOR

...view details