অসম

assam

By

Published : Aug 18, 2020, 10:23 AM IST

ETV Bharat / international

ভাৰতত মহামাৰী, জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ বৃটেইনৰ তিনি মিলিয়ন পাউণ্ডৰ পুঁজি মুকলি

সম্প্ৰতি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি থকা ক’ভিড-১৯ মহামাৰীৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বানবোৰৰ বিৰুদ্ধে যুঁজিবলৈ দুবছৰৰ পূৰ্ৱে ইউ কে আৰু ভাৰতৰ মাজত সম্পন্ন হোৱা প্ৰযুক্তিবিদ্যাৰ অংশীদাৰিত্বৰ চুক্তিখনক অনুসৰণ কৰি শিক্ষা আৰু উদ্যোগ ক্ষেত্ৰৰ বিজ্ঞানীসকলক সাহাৰ্যতা প্ৰদানৰ উদ্দশ্যে বৃটেইনে যোৱা সোমবাৰে এক তিনি মিলিয়ন পাউণ্ডৰ ‘ইন’ভেশ্বন ছেলেঞ্জ পুঁজি’ৰ ঘোষণা কৰে ৷

বৃটেইনৰ তিনি মিলিয়ন পাউণ্ডৰ পুঁজি মুকলি
ভাৰত-বৃটেইনৰ দ্বিপাক্ষিক সম্পৰ্ক

-অৰুণিম ভুঁঞা

নতুন দিল্লীঃ সম্প্ৰতি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি থকা ক’ভিড-১৯ মহামাৰীৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বানবোৰৰ বিৰুদ্ধে যুঁজিবলৈ দুবছৰৰ পূৰ্ৱে ইউ কে আৰু ভাৰতৰ মাজত সম্পন্ন হোৱা প্ৰযুক্তিবিদ্যাৰ অংশীদাৰিত্বৰ চুক্তিখনক অনুসৰণ কৰি শিক্ষা আৰু উদ্যোগ ক্ষেত্ৰৰ বিজ্ঞানীসকলক সাহাৰ্যতা প্ৰদানৰ উদ্দশ্যে বৃটেইনে যোৱা সোমবাৰে এক তিনি মিলিয়ন পাউণ্ডৰ ‘ইন’ভেশ্বন ছেলেঞ্জ পুঁজি’ৰ ঘোষণা কৰে ৷

বৃটিছ উচ্চায়ুক্তই জাৰি কৰা এক বিবৃতি অনুসৰি উক্ত পুঁজিয়ে ‘আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ (এ আই), কৰ্ণাটকৰ ডাটা ক্লাষ্টাৰ আৰু মহাৰাষ্ট্ৰৰ ফিউচাৰ মবিলিটি ক্লাষ্টাৰ প্ৰযুক্তিবিদ্যাৰ লগত সংযুক্ত থকা উদ্ভাৱনকাৰীসকলক ক’ভিড-১৯ মহামাৰী নিয়ন্ত্ৰণৰ উদ্দেশ্যে গৱেষণা আৰু উন্নয়নৰ প্ৰস্তাৱ উপস্থাপন কৰিবলৈ তথা এক ‘সেউজীয়া গ্ৰহ’ ধাৰণাক প্ৰচাৰ কৰিবলৈ আমন্ত্ৰণ জনায় ৷

“অতি কমেও ২৫০,০০০ পাউণ্ডৰ ১২ টা অনুদান দিয়া হ’ব বুলি আশা কৰা হৈছে ৷” উচ্চায়ুক্তৰ বিবৃতিত এইদৰে প্ৰকাশ কৰা হৈছে ৷

“আবেদনকাৰীসকলে আদৰ্শগতভাৱে আঃন্তৰাষ্ট্ৰীয় সদস্যৰ সৈতে লগ হৈ এক শিক্ষা উদ্যোগ সংঘ হিচাপে আবেদন দাখিল কৰিব লগিব” বিবৃতিটোত পুনৰ এনেদৰে কোৱা হয় ৷

দুই পৃষ্ঠাজোৰা অৱধাৰণা টোকাৰ আবেদন দাখিল কৰাৰ অন্তিম সময়সীমা হ’ল ৩১ আগষ্ট ৷

“গৱেষণা আৰু উদ্ভাৱনত ইউ কে আৰু ভাৰতৰ এক অতি সবল ইতিহাস আছে ৷” বৃটিছ উচ্চায়ুক্ত ফিলিপ বাৰ্টনে বিবৃতিটোত এইদৰে উল্লেখ কৰে ৷

“ক’ভিড-১৯ আৰু জলবায়ু পৰিবৰ্তন উভয়েই দৰ্শাইছে যে বৰ্তমান সময়ৰ অতি জৰুৰি প্ৰত্যাহ্বানবোৰ বিশ্বজনীন হৈ পৰিছে ৷ ইয়াৰ পূৰ্ৱে কোনো কালেই গৱেষক, ব্যৱসায় তথা চৰকাৰৰে উদ্ভাৱন তৰান্বিত কৰাৰ প্ৰয়োজন আহি পৰা নাছিল আৰু ৰাষ্ট্ৰসমূহক নাগৰিকসকলৰ জীৱন ৰক্ষা কৰিবলৈ আৰু এক উন্নত ভৱিষ্যতৰ কাৰণে সহযোগিতাৰো প্ৰয়োজন হোৱা নাছিল ৷”

বৃটিছ উচ্চায়ুক্তত ইউ কে আৰু ভাৰতৰ প্ৰযুক্তিবিদ্যা অংশীদাৰিত্বৰ প্ৰমুখ, কাৰেণ মেক্‌লাস্কিয়ে কয় যে এই পুঁজিৰ প্ৰধান উদ্দেশ্য হ’ল “উদ্ভাৱনৰ নায়কসকলৰ সমৰ্থনত থিয় দিয়া ৷ লাগিলে তেওঁলোকে ভাইৰাছটোৰ বিৰুদ্ধে নাইবা তাতকৈও ভয়াবহ বিশ্বজনীন প্ৰত্যাহ্বান জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে যুঁজ দি থাকক”৷

“দুই বিশ্ব নেতৃত্ব হিচাপে সকলোৰে লাভৰ বাবে উদীয়মান প্ৰযুক্তিবিদ্যাক আঁকোৱালি লোৱা আৰু উন্নয়নৰ বাবে ভাৰতৰ সৈতে কাম কৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ ৷” তেওঁ কয় ৷

২০১৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লণ্ডণ ভ্ৰমণকালত তেতিয়াৰ বৃটিছ প্ৰধানমন্ত্ৰী থেৰেছা মে আৰু মোদীৰ মাজত হোৱা এক বৈঠকৰ পাচত ব্ৰিটেইন আৰু ভাৰতবৰ্ষই ‘ইউ কে-ইণ্ডিয়া প্ৰযুক্তিবিদ্যা অংশীদাৰিত্ব’ৰ চুক্তি সম্পন্ন হোৱাৰ কথা ঘোষণা কৰে ৷

মোদীৰ লণ্ডণ ভ্ৰমণৰ মূল উদ্দেশ্য আছিল প্ৰযুক্তিবিদ্যাৰ সহযোগিতা বঢ়োৱা লগতে ব্যৱসায়, বিনিয়োগ তথা বিত্তীয় সহযোগিতাৰো বৃদ্ধি কৰা ৷ ভাৰতবৰ্ষৰ আই টি আৰু “বিজনেছ প্ৰ’ছেছ আউটছৰ্ছিং” (BPO) শিল্প বাণিজ্য সন্থা নাছকম (NASSCOM) আৰু টেক ইউ কেৰ মাজত ইউ কে-ইণ্ডিয়া প্ৰযুক্তিবিদ্যাৰ জোটবন্ধনৰ মুকলি কৰা, ইউ কে-ইণ্ডিয়া টেক হাব স্থাপন কৰা, ইউ কে-ইণ্ডিয়া টেক ক্লাষ্টাৰ অংশীদাৰিত্ব গঢ়ি তুলা, ভাৰতত এক অগ্ৰণী উৎপাদন কেন্দ্ৰ স্থাপন কৰা আৰু এ আই আৰু ভাৰতৰ উচ্চাকাংক্ষী স্বাস্থ্য জিলা কাৰ্যসূচীত ডিজিটেল স্বাস্থ্য সুৰক্ষাত সহযোগিতা কৰা ৷

ইউ কে আৰু ভাৰতৰ প্ৰযুক্তিবিদ্যা অংশীদাৰিত্বৰ গঠন হোৱাৰ মূল পেক্ষাপটটো হ’ল বাণিজ্য, উদ্যোগ মূলধন, বিশ্ববিদ্যালয় ইত্যাদিক চিনাক্ত কৰা আৰু সংযুক্ত কৰা ৷ লগতে বৃটিছ আৰু ভাৰতীয় উদ্যোগীসকলক তথা সৰু-বৰ উদ্যমীসকলৰ বাবে বজাৰলৈ যাব পৰা পথ প্ৰদান কৰা ৷

বৃটেইনে ২০২২ চনৰ ভিতৰত ১৪ মিলিয়ন পাউণ্ড বিনিয়োগ কৰাৰ সম্ভাৱনা আছে ৷

প্ৰাৰম্ভিকভাৱে প্ৰকল্পটোৱে ভৱিষ্যতৰ গতিময়তাৰ বিষয়ত ধ্যান কেন্দ্ৰিত কৰি বৃটেইনক মহাৰাষ্ট্ৰৰ পুনেৰ সৈতে সংযোগ স্থাপন কৰাব ৷ ইয়াত অন্তৰ্ভুক্ত থাকিব নিম্ন নিঃসৰণ আৰু স্বয়ংচালিত বাহনসমূহ, বেটেৰীৰ ভড়াল আৰু বাহনসমূহৰ ওজন হ্ৰাস কৰণ ৷ অতিৰিক্ত সংযোগসমূহে ‘অগমেন্টেড’ আৰু ‘ভাৰ্চুৱেল ৰিয়েলিটি’, উন্নত সামগ্ৰী আৰু এ আইৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰি বেংগালুৰুৰ সৈতে যোগসূত্ৰ স্থাপন কৰিব ৷

বৃটেইনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভাগে জাৰি কৰা নতুন “উদ্ভাৱন প্ৰত্যাহ্বান পুঁজি” সম্পৰ্কীয় এক অৱধাৰণা টোকা অনুসৰি প্ৰস্তাৱসমূহে ক’ভিড-১৯ প্ৰতিক্ৰিয়া আৰু পুনৰুদ্ধাৰ তথা জলবায়ু পৰিৱৰ্তন নাইবা পাৰিপাৰ্শ্বিকতাক সুৰক্ষা প্ৰদান কৰা সম্বন্ধীয় প্ৰাথমিক মানদণ্ডসমূহ পূৰণ কৰিব লাগিব ৷ তদুপৰি নিম্নোল্লিখিত প্ৰত্যাহ্বানমূলক ক্ষেত্ৰবোৰো পূৰণ কৰিব পাৰিব লাগিব ৷ যেনে সুৰক্ষা আৰু সুবিধা (যেনে পৰিস্কাৰ পৰিচ্ছন্নতা/ পৰিস্কাৰ কৰণ/ ৰাজহুৱা তথা ব্যক্তিগত যাতায়ত ব্যৱস্থাত দূৰত্ব বৰ্তাই ৰখা, কন্টেকলেছ ডেলিভাৰী); টেকন’লজী লীপ (যেনে ন-ইন্ধন, চিকিৎসা যোগানৰ বাবে শীত-তাপ নিয়ন্ত্ৰিত যাতায়তৰ আৱশ্যকীয়তা, ড্ৰ’ণৰ ব্যৱহাৰ); সংযোগ (যেনে ফাৰ্ষ্ট মাইল লাষ্ট মাইল স্বাস্থ্য সুৰক্ষা প্ৰদান সেৱাসমূহ, লজিষ্টিক আৰু সেৱা প্ৰদানৰ বাবে মাইক্ৰ’ মবিলিটিৰ ব্যৱস্থা, গ্ৰাম্য গতিশীলতা); ইন্ধনৰ স্থানান্তৰকৰণ (যেনে আন্তঃ দহন যন্ত্ৰ নাইবা আই চি ইৰ বৈদ্যুতিকৰণ, হাইড্ৰ’জেন ইন্ধনৰ ব্যৱহাৰ, ইন্ধনৰ দক্ষতা) আৰু স্মাৰ্ট মবিলিটি (যেনে বুদ্ধিমান যাতায়ত ব্যৱস্থা, ট্ৰিপ ৰিপাৰ্চনিং টেক, ডিমাণ্ড ছাপ্লাই মেটছিং )অৱধাৰণা টোকাটোত পুনৰ সংযুক্ত কৰা হৈছে যে যিবোৰ প্ৰস্তাৱে উপৰিউক্ত মানদণ্ডসমূহ পূৰণ কৰাত ব্যৰ্থ হ’ব কিন্তু ভৱিষ্যতৰ গতিময়তাৰ ওপৰত ধ্যান দিব তথা জলবায়ু পৰিবৰ্তন আৰু পাৰিপাৰ্শ্বিকতাৰ কাৰ্যসূচীসমূহ নাইবা ক’ভিড-১৯ কন্টেইনমেন্টৰ লগত এক সবল সম্পৰ্ক থাকিব তেনে প্ৰস্তাৱসমূহকো আন্তৰাষ্ট্ৰীয় বাণিজ্য বিভাগৰ দ্বাৰা বিবেচনা কৰা হ’ব ৷

লগতে পঢ়ক :ইজৰাইল ইউ এ ই চুক্তিঃ শতিকাৰ সন্ধি

ABOUT THE AUTHOR

...view details