ইন্টাৰনেশ্যনেল ডেস্ক, 14 নৱেম্বৰঃ শনিবাৰে দিপাৱলী উপলক্ষে ইংলেণ্ডৰ ভাৰতীয় লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচনে ৷ ইয়াৰ উপৰিও তেখেতে কৰ’ণা মহামাৰীৰ সময়ছোৱাত জনসাধাৰণৰ সহায়ৰ বাবে স্বেচ্ছাই আগবাঢ়ি অহা বৃটিছ হিন্দু, শিখ আৰু জৈন সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰে ৷ নিজ শুভেচ্ছা বাণীত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, "আটাইলৈ শুভ দিপাৱলী আৰু বন্দীচোৰ দিৱসৰ শুভেচ্ছা ৷ মই জানো যে এইবেলি দিপাৱলীৰ আনন্দ কিছু সুকীয়া, কিন্তু মই ইয়াৰ মাজতে কৰ’ণা মহামাৰীৰ সময়ছোৱাত স্বেচ্ছাই জনসাধাৰণৰ সেৱাৰ বাবে আগবাঢ়ি অহা বৃটিছ হিন্দু, শিখ, আৰু জৈন সম্প্ৰদায়কৰ লোকসকলক আন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰি তেঁওলোকলৈ সন্মান প্ৰদৰ্শন কৰিছো ৷"
ভাৰতীয়ক দিপাৱলীৰ শুভেচ্ছা বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচনৰ - ব’ৰিছ জনচনৰ দীপাৱলী শুভেচ্ছা
শনিবাৰে দিপাৱলী উপলক্ষে ইংলেণ্ডৰ ভাৰতীয় লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচনে ৷ ইয়াৰ উপৰিও তেখেতে কৰ’ণা মহামাৰীৰ সময়ছোৱাত সহায়ৰ বাবে স্বেচ্ছাই আগবাঢ়ি অহা বৃটিছ হিন্দু, শিখ আৰু জৈন সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে ৷
![ভাৰতীয়ক দিপাৱলীৰ শুভেচ্ছা বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচনৰ Boris Johnson wishes on Diwali, expresses respect for help by British Hindus, Sikhs, Jains amid pandemic](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9545223-thumbnail-3x2-l.jpg)
তেখেতে আৰু কয়, "দিপাৱলী হ’ল অন্ধকাৰৰ ওপৰত পোহৰৰ, বেয়াৰ ওপৰত ভালৰ, অজ্ঞানৰ ওপৰত জ্ঞানৰ বিজয় ৷ গতিকে মোৰ সম্পূৰ্ণ বিশ্বাস, আমি কৰ’ণা ভাইৰাছৰ ওপৰতো বিজয় লাভ কৰিম ৷ আমি যেনেদৰে একত্ৰিতভাৱে এই ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত নিজ নিজ কৰ্মত আগবাঢ়ি আহিছো এইক্ষেত্ৰত মই বৃটিছ হিন্দুসকল, শিখ, জৈন লোকসকলে সাধাৰণ লোকৰ উপৰিও চিকিৎসক, নাৰ্চৰ আদি অন্যান্য কৰ্মীলকলৰ সহায়ৰ বাবে আগবাঢ়ি আহাৰ উপৰিও মন্দিৰৰসমূহেও নিজ ৰান্ধনীশালসমূহ এই কৰ্মীসকলক অন্ন প্ৰদানৰ বাবে উচৰ্গা কৰিছে, ইয়াৰ বাবে তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অন্তৰৰ পৰা সন্মান প্ৰদান কৰিছো ৷"
লগতে পঢ়ক-অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন কাৰ্বি আংলং জিলা উপায়ুক্তৰ