ইন্টাৰনেচনেল ডেস্ক, 4 মাৰ্চ:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে বৃহস্পতিবাৰে (স্থানীয় সময়অনুসৰি) ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপত অংশ লয় ( Biden speaks to Zelenskyy ) ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডৰ (fire at Zaporizhzhia Nuclear Power Plant) বিষয়ে জেলেনস্কিৰ সৈতে কথা-বতৰা পতা বুলি জানিব পৰা গৈছে ।
হোৱাইট হাউচৰ এক বিজ্ঞপ্তিত কোৱা হৈছিল "ৰাষ্ট্ৰপতি বিডেনে আজি সন্ধিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডৰ বিষয়ে কথা পাতিছিল "। বিডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগৰ পাৰমাণৱিক সুৰক্ষা বিভাগৰ আণ্ডাৰ চেক্ৰেটেৰী আৰু ৰাষ্ট্ৰীয় পাৰমাণৱিক সুৰক্ষা প্ৰশাসনৰ (এনএনএছএ) প্ৰশাসকৰ সৈতে প্ৰকল্পটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে এক আপডেট লাভ কৰিবলৈ কথা বতৰা পাতিছিল ।
শেহতীয়া তথ্য অনুসৰি, আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থাই এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন কেন্দ্ৰক 24x7 সঁহাৰি দিব পৰাকৈ সাজু কৰি ৰাখিছে । ইপিনে, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱেও জেলেনস্কিৰ সৈতে জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পৰ সন্দৰ্ভত কথা পাতে ৷ কানাডাৰ নেতা গৰাকীয়েও ৰাছিয়াক তীব্ৰ গৰিহণা দিয়া বুলি জানিব পৰা গৈছে ।