ইন্টাৰনেশ্যনেল ডেক্স, 16 আগষ্টঃ বেলাৰুচত ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকোৰ পদত্যাগৰ দাবীত শনিবাৰে সহস্ৰাধিক লোকে সমদল উলিয়ায় ৷ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিছতেই অধিক প্ৰতিবাদমুখৰ হৈ পৰিছে বেলাৰুচ ৷
9 আগষ্টত ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজৰ ষষ্ঠ কাৰ্যকালৰ বাবে জয়ী হোৱা ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকোৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদে ইতিমধ্যে এসপ্তাহ অতিক্ৰম কৰিছে ৷ নিৰ্বাচনত তেখেতৰ বিৰুদ্ধে হেৰাফেৰীৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে ৷ শনিবাৰে দেশখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমীৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিল আলেকজেণ্ডাৰ লুকাশ্বেকো ৷ নিৰ্বাচনৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আলোচনাত মিলিত হৈছে দুয়োগৰাকী নেতা ৷
ক্ৰেমলিনৰ এক বিবৃতিত প্ৰকাশ পাইছে যে, ‘ এই সমস্যাসমূহ দুয়োদেশৰে সহযোগিতাক ক্ষতি কৰাৰ লক্ষ্যৰে কোনো ধ্বংসাত্ম শক্তিৰ দ্বাৰা পৰিচালিত নহ’ওক ৷’ উল্লেখ্য যে, 1997 চনতে ৰাছিয়া আৰু বেলাৰুচে পূৰ্বৰ চুবুৰীয়া চোফিয়েট দেশসমূহৰ সৈতে সম্বন্ধ কৰাৰ বাবে চুক্তি কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধিকাৰীসকলৰ সৈতে হোৱা এক বৈঠকত লুকাশ্বেকোই ঘোষণা কৰি কয় যে,‘আমাৰ কাষত এখন সাধাৰণ দেশ আছে, এখন সংবিধান আছে ৷ আমাক কোনো ধৰণৰ বিদেশী চৰকাৰ তথা মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাই ৷’