অসম

assam

250 জন ভাৰতীয় বন্দীক ক্ষমাদান বাহৰেইনৰ

By

Published : Aug 25, 2019, 4:20 PM IST

বাহৰেইন চৰকাৰে দেশখনত বন্দী হৈ থকা 250 জনকৈ লোকক ক্ষমা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ ত্ৰিদেশীয় ভ্ৰমণসূচীৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বাহৰেইন ভ্ৰমণৰ কৰাৰ সময়তে এই কথা ঘোষণা কৰা হয় ৷

250 জন ভাৰতীয় বন্দীক ক্ষমাদান বাহৰেইনৰ

ইন্টাৰনেশ্বনেল ডেস্ক, 25 আগষ্ট : বাহৰেইন চৰকাৰে দেশখনত বন্দী হৈ থকা 250 জনকৈ লোকক ক্ষমা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ ত্ৰিদেশীয় ভ্ৰমণসূচীৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বাহৰেইন ভ্ৰমণৰ কৰাৰ সময়তে এই কথা ঘোষণা কৰা হয় ৷ দেওবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী টুইটাৰৰ জৰিয়তে এই কথা ঘোষণা কৰা হয় আৰু বাহৰেইনৰ চৰকাৰক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বাহৰেইন ভ্ৰমণ কৰিছে ৷ এই ভ্ৰমণতে মোডীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে বাহৰেইনৰ প্ৰধানমন্ত্ৰী আৰু খলিফা বিন ছলমানৰ সৈতে কলা-কৃষ্টি, মহাকাশ বিজ্ঞান সম্পৰ্কীয় কেইবাখনো বুজাবুজিৰ চুক্তিত (MoU) উপনীত হয় ৷

ABOUT THE AUTHOR

...view details