ইণ্টাৰনেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ :প্ৰকৃতিৰ তাণ্ডৱ চলিল ফিলিপাইনছত ৷ টাইফুনে তচ-নচ কৰিলে ফিলিপাইনছৰ একাধিক অঞ্চল ৷ ৰায় নামৰ এই ধুমুহা (Typhoon Rai in Philippines) ৰ ফলত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে প্ৰায় 169 গৰাকীকৈ লোকে ৷ বিগত সপ্তাহত এই ধুমুহাৰ ফলত ব্যাপক ভূমিস্খলন সংঘটিত হৈছিল ৷ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, এতিয়াও প্ৰায় 50 গৰাকী লোক সন্ধানহীন হৈ আছে ৷
ফিলিপাইনছৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ (পিএনপি) মুখপাত্ৰ কৰ্ণেল ৰ'ডৰিক আগষ্টাছ আলবাৰে দেওবাৰে সদৰী কৰা অনুসৰি, ভিছায়া এলেকাৰ অধিকাংশ লোক মৃত্যুমুখত পৰিছে ৷ অঞ্চলটোত বৰ্তমানলৈকে মৃত্যু ঘটিছে ১২৯ জন লোকৰ ৷ ফিলিপাইনছৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ (পিএনপি) মুখপাত্ৰ কৰ্ণেল ৰ'ডৰিক আগষ্টাছ আলবাৰে দেওবাৰে সদৰী কৰা অনুসৰি, ভিছায়া এলেকাৰ অধিকাংশ লোক মৃত্যুমুখত পৰিছে ৷ অঞ্চলটোত বৰ্তমানলৈকে মৃত্যু ঘটিছে ১২৯ জন লোকৰ ৷