নিউজ ডেস্ক, 25 জুন : 204 টাকৈ দিন মহাকাশত কটোৱাৰ পাছত মঙলবাৰে সুকলমে পৃথিৱীলৈ ঘূৰি আহিল 3 জন মহাকাশচাৰী ৷ কানাডা, ৰাছিয়া আৰু আমেৰিকাৰ 3 জনকৈ মহাকাশচাৰী কঢ়িয়াই নিয়া ছয়ুজ মহাকাশযান খনে পুৱা 8:47 বজাত ভূ - পৃষ্ঠত অৱতৰণ কৰে ৷ 6 মাহতকৈ বেছি দিন মহাকাশত কটোৱাৰ পাছত 3 ঘন্টাৰ যাত্ৰাৰ অন্তত দলটোৱে কাজাখস্তানৰ ভূমিত অৱতৰণ কৰে ৷
মহাকাশ অভিযান সামৰি উভটিল তিনি মহাকাশচাৰী - ছয়ুজ মহাকাশযান
মহাকাশ অভিযান সামৰি পৃথিৱীলৈ 3 জনকৈ মহাকাশচাৰী ৷ কানাডা, ৰাছিয়া আৰু আমেৰিকাৰ মহাকাশচাৰী কেইজনে 204 দিন মহাকাশত কটাই উভটি আহিছে ৷
![মহাকাশ অভিযান সামৰি উভটিল তিনি মহাকাশচাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3657884-thumbnail-3x2-as-2.jpg)
মহাকাশ অভিযান সামৰি উভটিল তিনি মহাকাশচাৰী
এই মহাকাশচাৰী সকলৰ ভিতৰত আমেৰিকাৰ এন মেকক্লেইন আৰু কানাডাৰ ডেভিদ ছেইন্ট জেকছে প্ৰথমবাৰৰ বাবে মহাকাশ ভ্ৰমণ কৰাৰ উপৰি ৰাছিয়াৰ অ'লেগ কন'নেনকোয়ে চতুৰ্থ বাৰৰ বাবে ভ্ৰমণ কৰে ৷