অসম

assam

ETV Bharat / international

কাৰাবাখ সীমান্ত ৰক্ষাৰ বাবে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী পত্নীয়েল ল'লে সামৰিক প্ৰশিক্ষণ

ফেচবুকৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাশ্বিনয়ানৰ পত্নী আন্না হাকোবয়ানে ৷ আন্না হাকোবয়ানেৰ নেতৃত্বত 13জনীয়া মহিলাৰ এটি দলে দেশখনৰ সামৰিক বাহিনীৰ সৈতে প্ৰশিক্ষণ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ প্ৰশিক্ষণ সমাপ্ত হোৱা পিচতেই বিবাদিত নাগাৰ্নো-কাৰাবাখ সীমান্তত মোতায়েন হ'ব বুলি জানিব পৰা গৈছে ৷

কাৰাবাখ সীমান্ত ৰক্ষাৰ বাবে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী পত্নীয়েল ল'লে সামৰিক প্ৰশিক্ষণ
কাৰাবাখ সীমান্ত ৰক্ষাৰ বাবে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী পত্নীয়েল ল'লে সামৰিক প্ৰশিক্ষণ

By

Published : Oct 29, 2020, 7:21 AM IST

নিউজ ডেস্ক, 29 অক্টোবৰ : আৰ্মেনিয়া আৰু আজাৰবেইজানৰ মাজত চলি থকা যুদ্ধৰ সময়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী মহিলাই ৷ তেওঁ হৈছে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাশ্বিনয়ানৰ পত্নী আন্না হাকোবয়ান ৷ দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ মাজতে এইগৰাকী মহিলাই দাঙি ধৰিছে এক অনন্য় নিদৰ্শন যাৰ বাবে বিশ্বৰ প্ৰতিগৰাকী মহিলাই আজিৰ দিনত তেওঁক লৈ গৌৰৱ কৰিছে ৷

লগতে পঢ়ক :অৱশেষত যুদ্ধবিৰতিলৈ অহাৰ সিদ্ধান্ত আৰ্মেনিয়া আৰু আজাৰবেইজানৰ

দৰাচলতে হাকোবয়ানে নিজৰ লগতে আন 13 গৰাকী মহিলাসহ গ্ৰহণ কৰি আছে সামৰিক প্ৰশিক্ষণ ৷ বিগত 27 অক্টোবৰৰ পৰা তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু প্ৰশিক্ষণ সমাপ্ত হ'লেই শীঘ্ৰেই তেওঁলোকে আৰ্মেনিয়ান আৰ্মীত যোগদান কৰিব ৷

লগতে পঢ়ক :নাগৰ্নো-কাৰাবাখৰ যুদ্ধবিৰতিৰ বিফলতা দেখাটো হতাশাজনক : ট্ৰাম্প

বহু বিবাদিত নাগাৰ্নো-কাৰাবাখ সীমান্তত দায়িত্ব পালন কৰিব এইসকল মহিলাই ৷ নিজৰ দেশৰ সুৰক্ষাৰ বাবে এইসকল মহিলা কোনোকালেই কম নহয় আৰু এই কথা ফেচবুকযোগে প্ৰকাশ কৰিছে হাকোবয়ানে ৷

আন্না হাকোবয়ানেৰ ফেচবুক পোষ্ট

উল্লেখ্য যে, আৰ্মেনিয়া আৰু আজাৰবেইজানে বহু বিবাদিত নাগাৰ্নো-কাৰাবাখক লৈ বিগত 27 ছেপ্টেম্বৰৰ পৰাই এই ভয়ানক যুদ্ধত অৱতীৰ্ণ হৈছে আৰু এতিয়ালৈকে দুয়োখন দেশৰ হাজাৰোধিক সৈনিকে যুদ্ধত প্ৰাণ হেৰুৱাইছে ৷

লগতে পঢ়ক :ভয়াৱহ যুদ্ধত লিপ্ত আৰ্মেনিয়া আৰু আজাৰবেইজান

ABOUT THE AUTHOR

...view details