নিউজ ডেস্ক, 12 আগষ্ট : দেশৰ চৰকাৰী বিমান পৰিসেৱা সংস্থা এয়াৰ ইণ্ডিয়াই ইউৰোপৰ পাঁচখন দেশৰ লগত বিমান পৰিসেৱা ভবিষ্যতলৈ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ লগতে উক্ত ঠাইসমূহত থকা এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়য়ো বন্ধ কৰি দিয়া হ‘ব ৷ কৰ‘ণা মহামাৰীৰ ফলত ধাৰাবাহিক ভাবে হৈ থকা লোকচানৰ বাবেই কোম্পানীটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
এয়াৰ ইণ্ডিয়াৰ যাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণে পাঁচখন ইউৰোপীয় স্থানৰ পৰা সংস্থাটোৰ বিমান পৰিসেৱা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷