ইণ্টাৰনেশ্যনেল ডেস্ক, ১ মাৰ্চ : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা সকলো ভাৰতীয়কে মঙলবাৰৰ ভিতৰত কিভ এৰাৰ নিৰ্দেশনা দিলে ভাৰত চৰকাৰে । ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে এক নিৰ্দেশনা জাৰি কৰি মঙলবাৰৰ ভিতৰতেই সকলো ভাৰতীয়কে ইউক্ৰেইন এৰাৰ নিৰ্দেশ দিয়া হৈছে (Advisory tells Indian to leave Kyiv immediately) ।
সকলো ভাৰতীয়কে ট্ৰেইন, বাছ তথা আন সম্ভৱ সকলো যাতায়াতৰ ব্যৱস্থা ব্যৱহাৰ কৰি শীঘ্ৰেই কিভ এৰাৰ নিৰ্দেশ দিয়া হৈছে । ইতিমধ্য়েই ভাৰত চৰকাৰে ভাৰতীয় বায়ুসেনাক এই উদ্ধাৰ অভিযানত সকলো সহায় কৰিবলৈ নিৰ্দেশ দিছে ।
ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখৰ পৰাই ইউক্ৰেইনৰ আকাশমাৰ্গ বন্ধ হৈ থকাৰ পাছত প্ৰাইভেট বিমান সংস্থাসমূহৰ বিমানৰ জৰিয়তে আৱদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসমূহক যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছিল যদিও এতিয়াও প্ৰায় ১,৪০,০০ ভাৰতীয় ইউক্ৰেইনত আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ।