ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জুলাই: চুইডেনত সংঘটিত হ’ল ভয়াৱহ বিমান দুৰ্ঘটনা । অৰেব্ৰোৰ চহৰৰ সমীপত বৃহস্পতিবাৰে নিশা এখন স্কাইডাইভিং বিমান(skydiving plane) দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত ৯ জন লোক নিহত হয় । আৰক্ষীয়ে জনোৱা মতে, বিমান দুৰ্ঘটনাত এজন পাইলট আৰু ৮ গৰাকী স্কাইডাইভাৰ নিহত হয় ।
বিমান পৰিবহণৰ তত্বাৱধানৰ দায়িত্বত চুইডিছ সামুদ্ৰিক প্ৰশাসনৰ মুখপাত্ৰ কাৰ্ল-জোহান লিণ্ডে এছ ভি টিক জনোৱা মতে, বিমানখনৰ উৰণৰ সময়ত বিসংগতি ঘটাৰ বাবেই সম্ভৱতঃ এই দুৰ্ঘটনা সংঘটিত হৈছে । চুইডিছ দুৰ্ঘটনা অনুসন্ধান কৰ্তৃপক্ষই দুৰ্ঘটনাস্থলীলৈ এটা দল প্ৰেৰণ কৰিছে । ষ্টকহোমৰ পশ্চিমে ১৬৪ কিলোমিটাৰ দূৰত এই দুৰ্ঘটনা সংঘটিত হয় ।