অসম

assam

ETV Bharat / international

মোডীৰ ২১ দিনীয়া লক ডাউন গুৰুত্বপূৰ্ণঃ ইউৰোপীয়ান বিশেষজ্ঞ - 21-day lockdown by PM Modi crucial to fight against COVID-19, says European think-tank

এমষ্টাডাৰ্ম অধীনত বিশেষজ্ঞৰ ইউৰোপিয়ান ফেডাৰেশ্যন ফৰ্ ছাউথ এছিয়ান ষ্টাডিছৰ মতে ১৩০ কোটি জনতা থকা দেশত লকডাউন ঘোষণা কৰাটো কেতিয়া সহজ নহয়। ভাৰতৰ দৰে বিভিন্ন জন-গোষ্ঠী,গ্ৰামাঞ্চল তথা নগৰী দেশৰ বাবে সামাজিক দুৰত্ব বজাই ৰখাটো যথেষ্ট কঠিন। দেশৰ অৰ্থনীতিৰ বাবে এইয়া ফলপ্ৰসূ নহয় যদিও অন্য বিকল্প নাই প্ৰধানমন্ত্ৰীৰ হাতত ।

মোডীৰ ২১ দিনীয়া লকডাউন গুৰুত্বপূৰ্ণঃ ইউৰোপীয়ান বিশেষজ্ঞ
মোডীৰ ২১ দিনীয়া লকডাউন গুৰুত্বপূৰ্ণঃ ইউৰোপীয়ান বিশেষজ্ঞ

By

Published : Mar 31, 2020, 12:46 PM IST

নিউজ ডেস্ক, ৩১ মাৰ্চঃ বিশ্বব্যাপি সংহাৰী ৰূপ অব্যাহত আছে কোভিড-১৯ অথবা কৰ'ণা ভাইৰাছৰ প্ৰকোপ । এই ভাইৰাছৰ ভয়াৱহতা তথা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে সমগ্ৰ দেশতে ২১ দিনৰ বাবে ঘোষণা কৰা হৈছে লকডাউন । এই লকডাউনৰ সিদ্ধান্তক সমৰ্থন কৰিছে আনকি ইউৰোপিয়ান বিশেষজ্ঞ তথা চিন্তাকাৰী দলেও। অৱশ্যে যথেষ্ট বেছি জনসংখ্যাপূৰ্ণ দেশৰ বাবে লক ডাউন ঘোষণা কৰা নিচেই সহজ কথা নহয় বুলি সদৰি কৰে দলটোৱে ।

EFSASৰ নিৰ্দেশক জুনেদ কুৰেশীৰ মতে,লকডাউন এক উত্তম আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কোভিড-১৯ ৰ সংক্ৰমণক ৰোধিবলৈ ই এটা প্ৰবল অস্ত্ৰ । অন্যান্য ইউৰোপিয়ান দেশ সমূহে য'ত লক ডাউনত পলম কৰিছে তাৰ বিপৰীতে এই ক্ষেত্ৰত ভাৰতে ক্ষীপ্ৰতাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁ লগতে কয়, ভাৰতে পূৰ্বতেই অনুমান কৰিছিল যে এই ভাইৰাছে বেছি ঘন জনবসতিপূৰ্ণ অঞ্চলত অধিক ভয়াৱহতাৰ সৃষ্টি কৰিব । বৰ্তমান লৈকে মাৰ্কিন যুক্তৰাষ্ট্ৰত ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিলক্ষিত হৈছে । দেশখনত ১,৪৪,২৮০ টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । আনহাতে ইটালীত ৯৭,৬৮৭ টা ঘটনা সংঘটিত হৈছে । ইপিনে এই ভাইৰাছৰ উদ্ভৱস্থলী চীনত ৮১,১৯৫ গৰাকী লোক আক্ৰান্ত হৈছে । ভাৰতৰ ইয়াৰ সংখ্যা প্ৰায় ১২০০

ভাৰতৰ সঠিক সময়ত লকডাউনৰ সিদ্ধান্তই দেশখনক কিছু পৰিমাণে সকাহ দিছে বুলি উল্লেখ কৰে কুৰেশীয়ে । দৈনিক দিন হাজিৰা কৰা লোকসকলৰ বাবে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা সাহায্যও এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে । দক্ষিণ এছিয়া দেশৰ বাবে এইটোও চিন্তা কৰা দৰকাৰ যে,এই অঞ্চল সমূহৰ প্ৰকৃত অৱস্থাৰ ওপৰত ভিত্তি কৰি এই ভাইৰাছক প্ৰতিহত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা । বিশ্বৰ গোটেই জনসংখ্যাৰ পাঁচটা ভাগৰ এটা ভাগেই আছে দক্ষিণ এছিয়াৰ দেশত । তাতে আৰ্থিক ভাৱেও দুৰ্বল এই সমূহ দেশ ।

স্বাস্থ্য ইত্যাদি ক্ষেত্ৰত এতিয়াও পিছপৰা গতিকে এই মহামাৰী ৰোধ কৰিবলৈ যথেষ্ট সংঘৰ্ষ কৰাৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰে । আনহাতে এই কঠিন সময়ত একত্ৰিত আৰু সংযমেৰে কাম কৰাৰ দৰকাৰ ইয়াৰ বিপৰীতে পাকিস্তানত যি বিভাজনৰ ৰাজনীতি কৰাৰ চেষ্টা কৰা হৈছে এইয়া দুৰ্ভাগ্যজনক বুলি কয় জুনেদ কুৰেশীয়ে ।

লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ মংগলদৈ আৰক্ষী

ABOUT THE AUTHOR

...view details