ইণ্টাৰনেশ্যনেল ডেস্ক, 23 অক্টোবৰ: 1950-53 চনৰ কোৰিয়ান যুদ্ধৰ 70 বছৰীয়া বাৰ্ষিকীত আমেৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি "একনায়কত্ববাদ, ৰক্ষণশীলতা আৰু অধিক অহংকাৰী মনোভাৱ"ক তিৰস্কাৰ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷
চীনে সেই যুদ্ধৰ উদ্ধৃতি প্ৰদান কৰে,য'ত আমেৰিকা নেতৃত্বাধীন ৰাষ্ট্ৰসংঘৰ জোঁটৰ বিৰুদ্ধে উত্তৰ কোৰিয়া বাহিনীক সহায়ৰ বাবে সেনা প্ৰেৰণ কৰিছিল "মাৰ্কিন আগ্ৰাসন ৰোধ আৰু কোৰিয়া প্ৰতিৰোধৰ যুদ্ধ" হিচাপে ৷ যদিও যুদ্ধ অচলাৱস্থাত সমাপ্ত হৈছিল,সেই যুদ্ধই কিন্তু চীনক বিশ্ব দৰবাৰত খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত কৰিছিল ৷