ইন্টাৰনেশ্যনেল ডেস্ক, 26 এপ্ৰিল : দেওবাৰে য়ুহানৰ এজন স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে যে,য়ুহানৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা সকলো লোক আৰোগ্য হৈ উঠিছে ৷ ইয়াৰ ফলত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা লোকৰ সংখ্যা শূণ্য বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিষয়া গৰাকীয়ে ৷
বেইজিঙত অনুষ্ঠিত এক সংবাদমেলত চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মুখপাত্ৰ মি ফেঙে কয় যে,য়ুহানৰ স্বাস্থ্য় খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিৰ কঠোৰ প্ৰচেষ্টাৰ ফলতে য়ুহানে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷ য়ুহানত গুৰুতৰ অৱস্থাত থকা অন্তিমজন ৰোগী শুকুৰবাৰে আৰোগ্য হৈ উঠা বুলি সংবাদ মাধ্যমত প্ৰকাশ ৷ ইয়াৰ ফলত চহৰখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা শূণ্য হোৱা বুলি জানিব পৰা গৈছে ৷
হুবেই অঞ্চলতো COVID-19 আক্ৰান্তৰ সংখ্যা 50 শতাংশ হ্ৰাস পোৱা বুলি তথ্য় লাভ কৰা হৈছে ৷ ইয়াৰোপৰি,শেহতীয়া 20 দিনত এটাও নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই অঞ্চলটোত ৷