নিউজ ডেস্ক, 22 ছেপ্তেম্বৰ : আজি বিশ্ব গড় দিৱস ৷ সমগ্ৰ বিশ্বতে গড়ৰ পাঁচোটা প্ৰজাতিৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে 22 ছেপ্তেম্বৰৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয় ৷ গঁড়ৰ এই পাঁচটা প্ৰজাতি হ’ল- সুমাত্ৰীয় গঁড়, এশিঙীয়া গঁড়, ক’লা গঁড়, জাভান গঁড়, আৰু শুকুলা গঁড় ৷
এই বিশেষ দিনটোৱে বিভিন্ন দায়িত্বশীল সংস্থাসমূহ, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনবোৰ (এন জি অ’), চিৰিয়াখানাসমূহ তথা নাগৰিক সমাজলৈ তেওঁলোকৰ নিজৰ সুকীয়া সুকীয়া পদ্ধতিত গঁড় প্ৰজাতিটোৰ বাবে উৎসৱ উদ্যাপন কৰিবলৈ এক সুযোগ আনি দিয়ে ৷ ইয়াৰ উপৰিও সাধাৰণ লোকৰ মাজতো পৰিৱেশ তন্ত্ৰত গঁড়ৰ প্ৰয়োজনীয়তা, কেনদৰে গঁড়ৰ যতন ল’ব লাগে লগতে গঁড় সুৰক্ষাক সমৰ্থন সন্দৰ্ভত সজাগতা বৃদ্ধি কৰে ৷
বিশ্ব গড় দিৱসৰ ইতিহাস :
২০১০ চনত এইটো স্পষ্ট হৈছিল যে গঁড় কূলৰ দূৰ্দশাৰ বিষয়ে বিশ্বজুৰি লোকসকল অৱগত নাছিল ৷ বহু লোকে আনকি এইটোও জনা নাছিল যে এই ৰাজকীয় প্ৰাণীবিধক সম্পূৰ্ণৰূপে হেৰুৱাৰ পথত আগুৱাই আগুৱাই আমি কিমানদূৰ পালোহি ৷ সেই সময়ত প্ৰজাতিটোৰ অৱস্থা ইমানেই সংকটজনক আছিল যে সমগ্ৰ বিশ্বজুৰি মুঠ ৩০ হাজাৰটাতকৈও কম সংখ্যক গঁড়হে বাচি অছিলগৈ ৷
সেয়ে বিশ্বত বাচি থকা গঁড় কেইটাক সুৰক্ষা প্ৰদান কৰাৰ প্ৰচেষ্টাৰে দক্ষিণ আফ্ৰিকাৰ ডব্লিউ ডব্লিউ এফে (WWF) বিশ্ব গড় দিৱসৰ ঘোষণা কৰে আৰু পৰৱৰ্তী কালত এই প্ৰচেষ্টাই অভূতপূৰ্ৱ সফলতা লাভ কৰে ৷ বিশ্ব গঁড় দিৱসত গড়বোৰক লৈ উৎসৱ উদ্যাপন কৰা হয় আৰু এই প্ৰজাতিটোৱে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে জনমাসনত সচতেনতা জাগ্ৰত কৰোৱা হয় ৷
বিগত কিছু বছৰত চোৰাং চিকাৰী, নগৰিকৰণ আৰু প্ৰদূষণ আদিয়ে গঁড়ৰ প্ৰজাতিটোলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ যাৰ ফলত গঁড়ৰ নিৰ্দিষ্ট প্ৰজাতি কেইটামানক সম্পূৰ্ণৰূপে বিপন্নতাৰ শাৰীলৈ থেলি দিয়া হৈছে আৰু আনহাতে অন্য প্ৰজাতি কেইটাক অতি সংকটজনক অৱস্থাত বিলুপ্ত হোৱাৰ পথত তেনেকৈয়ে এৰি দিয়া হৈছে ৷
পৃথিৱীৰ ৫ টা গঁড়ৰ প্ৰজাতি আফ্ৰিকা আৰু এছিয়াত বাস কৰে
জাভান গঁড় (ৰাইণ’ছেৰছ ছ’ণ্ডাইকাছ)- সংকটজনকভাৱে বিপন্ন (আই ইউ ছি এন)
সুমাত্ৰীয় গঁড় (ডাইছেৰোৰিনাছ সুমাত্ৰেনছিছ)- সংকটজনকভাৱে বিপন্ন (আই ইউ ছি এন)
ক’লা গঁড় (ডাইছেৰছ বাইকৰ্ণিছ)- সংকটজনকভাৱে বিপন্ন (আই ইউ ছি এন)
শুকুলা গঁড় (ছিৰাট’থেৰিয়াম ছিমাম)- ভাবুকিৰ সন্মুখীন হৈ আছে (আই ইউ ছি এন)
এশিঙীয়া গঁড় (ৰাইণ’ছেৰছ ইউনিকৰ্ণিছ)- সংকটাপন্ন (আই ইউ ছি এন)
2021 চনৰ বিশ্ব গঁড় দিৱসৰ বিষয়বস্তু হ’ল-'Keep The Five Alive' অৰ্থাৎ গড়ৰ পাঁচোটা প্ৰজাতিকে জীয়াই ৰাখক ৷
বিশ্ব গঁড় দিৱস 2021ৰ উদ্দেশ্য :
জলবায়ু পৰিৱৰ্তন, চিকাৰ, প্ৰাকৃতিক বাসস্থানৰ বিভ্ৰান্তি আদি বিভিন্ন কাৰণত গঁড়ৰ প্ৰজাতিসমূহ প্ৰায় বিলুপ্ত হ’বলৈ ধৰিছে ৷ সেইবাবে এই দিনটোত এই বিশেষ প্ৰাণীবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰাই বিশ্ব গড় দিৱস 2021ৰ উদ্দেশ্য ৷