অসম

assam

By

Published : Jul 28, 2019, 2:32 PM IST

ETV Bharat / international

সমগ্ৰ বিশ্বত উদযাপন বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস

সমগ্ৰ বিশ্বতে জুলাইৰ 28 তাৰিখে উদযাপন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ৷ প্ৰকৃতি সংৰক্ষণে জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ লগতে মানৱ জীৱনৰ প্ৰগতি আৰু বিকাশত সহায় কৰে ৷

বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস

নিউজ ডেস্ক, 28 জুলাই : প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা সমাজৰ প্ৰতিজন লোকৰ মাজত জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে জুলাইৰ 28 তাৰিখে উদযাপন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ৷ প্ৰকৃতি সংৰক্ষণে জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ লগতে মানৱ জীৱনৰ প্ৰগতি আৰু বিকাশত সহায় কৰে ৷

বিশ্ব বন্যপ্ৰাণী ফাউণ্ডেছনে প্ৰদান কৰা তথ্য অনুসৰি, 1970 চনৰ পৰা মানৱ সমাজে পৃথিৱীৰ ওপৰত দিয়া হেঁচাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত প্ৰাকৃতিক সম্পদৰ পৰিমাণ হ্ৰাস পাই 33% ত ৰৈছেগৈ ৷ ইয়াৰোপৰি, সমগ্ৰ বিশ্বতে 2.5 শতাংশহে বিশুদ্ধ পানী থকাৰ লগতে 70% বিশুদ্ধ পানী বৰফ আৰু হিমৰ আকাৰত আছে ৷ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ প্ৰতিবেদন অনুসৰি, 2025 বৰ্ষলৈ বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় 1.8 বিলিয়ন লোক পানীৰ অভাৱত ভুগিব ৷

প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বই বৰ্তমান নানান ভাবুকিৰ সন্মুখীন হৈছে ৷ এনে সংকটজনক সময়ত বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণৰ বাবে গ্ৰহণ কৰিবলগা 5 টা পদক্ষেপ -
1. পানী সংৰক্ষণ - বাগিছাত ব্যৱহাৰ কৰিবৰ বাবে বৰষুণৰ পানী সংৰক্ষণ কৰা উচিত ৷ গা ধোৱা, কাপোৰ ধোৱা আদিত সীমিত পৰিমাণৰ পানী খৰছ কৰা উচিত ৷
2. বিদ্যুৎ সংৰক্ষণ - বৈদ্যুতিক সংৰক্ষণৰ বাবে বিদ্যুতৰ অপপ্ৰয়োগ তথা অতিমাত্ৰা ব্যৱহাৰ বন্ধ কৰা উচিত ৷
3. প্লাষ্টিক পানী বটলৰ ব্যৱহাৰ বৰ্জন কৰা উচিত ৷
4. অক্সিজেনৰ একমাত্ৰ উৎস হৈছে গছ - গছনি ৷ সেয়েহে বহুসংখ্যক গছ - গছনি ৰোপণৰ জৰিয়তে বিশুদ্ধ বতাহ আৰু গৰমৰ দিনত জিৰণি ল'বৰ বাবে ছাঁ পোৱা যাব ৷ ইয়াৰোপৰি, পৰিৱেশ প্ৰদূষণ, গোলকীয় উষ্ণতা আৰু সেউজ গৃহৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিবৰ বাবে গছপুলি ৰোপণ কৰিব লাগে ৷
5. ধূমপান সেৱনত নিষেধাজ্ঞা - ধূমপান সেৱনৰ পাছত অৱশিষ্ট অংশ পেলাবৰ বাবে বহুলোকক ডাষ্টবিন ব্যৱহাৰ কৰা দেখা নাযায় ৷ এনেদৰই পৰিৱেশ প্ৰদূষণ হোৱাৰ লগতে ধূমপান সেৱন নকৰা লোকলৈও ভাবুকিৰ সৃষ্টি হয় ৷

প্ৰকৃতি সংৰক্ষণৰ বাবে ভাৰতে গ্ৰহণ কৰা 5 টা পদক্ষেপ -
1. ক্ষতিপূৰক বনানীকৰণ বিধেয়ক, 2016 - এই বিধেয়কৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণ, ৰক্ষণাবেক্ষণ, শ্ৰীবৃদ্ধি, সম্প্ৰসাৰণৰ বাবে প্ৰতি বছৰে 6000 কোটি টকা ব্যয় কৰা হ'ব ৷
2. নদী সংৰক্ষণ - কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সৈতে যুটীয়াভাৱে দেশৰ নদী তথা জান - জুৰিবোৰৰ পানীৰ বিশুদ্ধতা সন্দৰ্ভত তত্ত্বাৱধান কৰে ৷
3. ৰাষ্ট্ৰীয় বনানীকৰণ প্ৰগ্ৰেম (NAP) - পৰিৱেশ, বন আৰু বতৰ পৰিৱৰ্তন মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় বনানীকৰণ প্ৰগ্ৰেমে (NAP) কেন্দ্ৰীয় চৰকাৰৰ বনানীকৰণ আৰু গছৰোপণৰ লগতে জৈৱবৈচিত্ৰ্যৰ পুনৰুদ্ধাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷
4. নেশ্বনেল গ্ৰীন ট্ৰিবিউনেল (NGT) - 2010 চনৰ 18 অক্টোবৰত এই আঁচনি খন গঠন কৰা হৈছিল ৷ ভাৰতীয় সংবিধানৰ 21 সংখ্যক দফাৰ পৰা অনুপ্ৰেৰণা লৈ এই আঁচনি প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণৰ লগতে পৰিৱেশৰ লগত জড়িত যিকোনো ঘটনাৰ খৰতকীয়া বিচাৰ গ্ৰহণ কৰা হয় ৷
5. LED প্ৰজেক্ট - এই প্ৰজেক্টৰ জৰিয়তে দেশৰ বিদ্যুতৰ বোজা এল ই ডিলৈ স্থানান্তৰিত কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ ফলত গ্ৰাহকে প্ৰতি বছৰে 40,000 কোটি টকাৰ বিদ্যুৎ বিল সঞ্চয় কৰিব পাৰিব ৷

ABOUT THE AUTHOR

...view details