অসম

assam

ETV Bharat / international

world letter writing day: চিঠি লিখা কলাক জীয়াই ৰখাৰ প্ৰয়াস - letter writing day history

বিশ্বায়নৰ এই যুগত আঙুলিৰ টিপতে সকলো উপলব্ধ হৈ পৰিছে ৷ একেদৰে ৰাইজৰ মাজত যোগাযোগৰ ক্ষেত্ৰতো জনপ্ৰিয় হৈ পৰিছে Text অথবা ই-মেইল ৷ কিন্তু ডিজিটেল যুগটোৱে ক্ৰমাৎ নিচিহ্ন কৰি তুলিছে বহু পুৰণি সু-অভ্যাস ৷ এনে এক অভ্যাস হ’ল চিঠি লিখা ৷ যি সময়ৰ সোঁতত ক্ৰমাৎ ইতিহাস হোৱাৰ পথত ৷

world letter writing day
world letter writing day: চিঠি লিখা কলাক জীয়াই ৰখাৰ প্ৰয়াস

By

Published : Sep 1, 2021, 7:34 AM IST

নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ : আপুনি বাৰু চিঠি লিখেনে ? কেতিয়াবা আপুনি নিজৰ প্ৰিয়জন অথবা বন্ধুবৰ্গলৈ লিখিছেনে চিঠি ? চিঠিত সোমাই থাকে আন্তৰিকতা, আৱেগ ৷ কিন্তু এটা সময়ৰ যোগাযোগৰ এই সমলটো ডিজিটেল যুগত হৈ পৰিছে অৱহেলিত ৷ আজিৰ প্ৰজন্মই নাজানে চিঠি লিখাৰ মাদকতা, নাজানে চিঠি পঢ়াৰ আনন্দ, নুশুনে চিঠি লৈ অহা ডাকোৱালৰ সেই মাত ৷ ডাকঘৰৰ পোষ্ট বক্সটো আজিৰ দিনত অৱহেলিত ৷

আজি বিশ্ব চিঠি লিখা দিৱস (World Letter Writing Day) ৷ প্ৰতিবছৰে ছেপ্তেম্বৰ মাহৰ প্ৰথমটো দিনত সকলো স্তৰৰ লোককে হাতত কলম আৰু এটুকুৰা কাগজ তুলি ল’বলৈ উৎসাহিত কৰাৰ বাবেই উদযাপন কৰা হয় চিঠি লিখা দিৱস ৷ বিশ্ব চিঠি লিখা দিৱস উদযাপনৰ মূল উদ্দেশ্যই হ’ল ‘চিঠি লিখা কলা’ৰ প্ৰতি সকলোকে আগ্ৰহী কৰি তোলা ৷

বিশ্ব চিঠি লিখা দিৱসৰ ইতিহাস :

2018 চনত ৰিচাৰ্ড চিম্পকিনে বিশ্ব চিঠি লিখা দিৱসৰ অৰম্ভণি কৰিছিল ৷ 1990 চনৰ শেষৰ ফালে চিম্পকিনে সেইসকল ব্যক্তিলৈ চিঠি লিখিছিল যাক অষ্ট্ৰেলিয়াত কিম্বদন্তি বুলি কোৱা হৈছিল ৷ যেতিয়া এইসকল বিশিষ্ট ব্যক্তিয়ে তেওঁৰ চিঠিসমূহৰ উত্তৰ দিছিল তেওঁ যথেষ্ট উৎসাহী হৈ পৰিছিল ৷

2005 চনত চিম্পকিনে “Australian Legends" নামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায় ৷ যিহেতু তেওঁলৈ বিশিষ্ট ব্যক্তিসকলে লিখা চিঠিৰ বাবেই তেওঁ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হ’ল ৷ সেয়েহে তেওঁ চিঠি লিখাৰ বাবে এটা বিশেষ দিন উদযাপনৰ সিদ্ধান্ত লয় ৷ চিঠি লিখাৰ কলাটো প্ৰসাৰিত কৰাৰ বাবে চিম্পকিনে বিদ্যালয়সমূহত চিঠি লিখা কৰ্মশালা অনুষ্ঠিত কৰা উপৰিও জ্যেষ্ঠ লোকসকলক সামাজিক মাধ্যমৰ পৰা কিছু বিৰতি লৈ চিঠি লিখিবলৈ উৎসাহিত কৰিছিল ৷

সম্প্ৰতি টেক্সট্ (Text) আৰু ই-মেইলৰ (E-mail) দিনত এটা কোণত বহি চিঠি লিখাটো যেন এটি সাধুতহে পৰিণত হৈছে ৷ অৱশ্যে গৱেষকসকলৰ মতে চিঠি লিখা কলাটো অব্যাহত ৰখাৰ বহু সুফল আছে ৷

  • চিঠি আপুনি ভাল পোৱা সকলৰ সৈতে যোগাযোগ কৰাৰ এক চিন্তাশীল উপায় ।
  • চিঠি গ্ৰহণ কৰা লোকজনে হয়তো আপুনি লিখা চিঠাসমূহ আহিবলগীয়া বহু বছৰৰ বাবে সংৰক্ষণ কৰিব পাৰে ৷
  • যিসকল লোকে কৃতজ্ঞতা জ্ঞাপনৰ বাবে চিঠি লিখে, তেওঁলোক সচৰাচৰতে জীৱনক লৈ অধিক আনন্দিত আৰু সুখী হয় ৷
  • বন্ধুত্ব, বিবাহ অথৱা অন্য যিকোনো অৰ্থৱহ সম্পৰ্কৰ ক্ষেত্ৰত চিঠিয়ে সম্পৰ্কবোৰ গাঢ় কৰাত সহায় কৰে ৷
  • চিঠিয়ে কোনো এজন ব্যক্তিক আপোনাৰ ভাৱধাৰা, পৰিস্থিতি অথৱা কিছুমান বিশেষ বিষয়ক সহজভাৱে বুজি পোৱাত সহায় কৰে ৷
  • আপোনাৰ পুৰণি বন্ধুবৰ্গ আৰু আত্মীয়ই যোগাযোগৰ এই পৰম্পৰাগত প্ৰকাৰটো উদযাপন কৰিব ।
  • যদি আপোনাৰ হাতৰ আখৰ ভাল তেন্তে, ই আপোনাৰ কলমৰ দক্ষতা দেখুওৱাৰ উপযুক্ত উপায় ৷

ইতিহাসত এনে বহু বিশেষ ব্যক্তিয়ে কিছুমান বিশেষ সময়ত লিখা চিঠি আছে যিসমূহ আজিও পাঠক বা শ্ৰোতাৰ মাজত জনপ্ৰিয় ৷ তেনে এক চিঠিৰ সমগ্ৰ হ’ল জৱাহৰলাল নেহৰুৱে নিজ কন্যা ইন্দিৰা প্ৰিয়দৰ্শিনীলৈ লিখা চিঠিসমূহ ৷ এই চিঠিসমূহ 1929 চনত Allahabad Law Journal Press এ নেহৰুৰ অনুৰোধত গ্ৰন্থ আকাৰে প্ৰকাশ কৰি উলিয়ায় ৷

ইয়াত জৱাহৰলাল নেহৰুৱে ইন্দিৰালৈ লিখা 30 খন চিঠি আছে ৷ এই চিঠিসমূহ 1928 চনৰ গ্ৰীষ্মকালত ইন্দিৰাৰ 10 বছৰ বয়সত তেওঁলৈ পিতৃ জৱাহৰলাল নেহৰুৱে লিখিছিল ৷ চিঠিসমূহ লিখাৰ সময়ত জৱাহৰলাল নেহৰু এলাহাবাদত আছিল আৰু ইন্দিৰা আছিল মুচৌৰিত আছিল ৷

এই চিঠিসমূহত বহু শিক্ষামূলক বিষয়ৰ উপৰিও প্ৰকৃতি, মানৱ সভ্যতা আদি বিভিন্ন বিষয় অন্তৰ্ভূক্ত হৈ আছিল ৷ এই চিঠিসমূহ প্ৰকৃততে ইংৰাজী ভাষাত লিখা আছিল যদিও ইয়াক ‘Pita Ke Patra Putri Ke Naam’ শীৰ্ষক শিৰোনামেৰে হিন্দীলৈ অনুবাদ কৰিছিল মুঞ্চি প্ৰেমচন্দে ৷ জৱাহৰলাল নেহৰুৱে ১৯৩১ চনত এই গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণৰ ব্যৱস্থা কৰিছিল ৷

লগতে পঢ়ক :মহিলাসকলৰ মাজত আত্মপ্ৰেম আৰু আত্মপ্ৰমূল্যৰ অভাৱ কিয়?

ABOUT THE AUTHOR

...view details