নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ যোৱা ৩০ টা বছৰে ১৭ এপ্ৰিল দিনটোত পালন কৰি অহা হৈছে বিশ্ব হিম'ফিলিয়া দিৱস হিচাপ। হিমোফেলিয়া বা ৰক্তপাত ব্যাধি ৰোগটোৰ সজাগতাৰ বাবেই পালন কৰি অহা হৈছে এই দিৱস।
কি এই হিম'ফিলিয়াৰোগ ?
হিম'ফিলিয়া হৈছে উত্তৰাধিকাৰ সূত্ৰে হোৱা এটা বিৰল ৰোগ । এই ৰোগত সাধাৰণতে তেজ গোট মাৰিব সক্ষম নহয় । তেজত গোট মাৰিব পৰা প্ৰ'টিনৰ অভাৱৰ বাবেই এই ৰোগৰ সৃষ্টি হয় । এই ৰোগত আক্ৰান্ত ৰোগীৰ যদি হাত ইত্য়াদি কাট খায় তেন্তে দীৰ্ঘ সময়লৈ ৰক্তপাত হৈ থাকে । এই বৰ্ষত বিশ্ব হিম'ফিলিয়া দিৱসৰ মূল বিষয় হৈছে 'Get+involved' । সম্প্ৰদায় তথা বিশ্বস্তৰীয় স্তৰত সকলোৰে বাবে চিকিৎসা সহায়ৰ এটা পদক্ষেপ এইটো ।
কিয় হয় হিম'ফিলিয়া-
যেতিয়া কোনো লোকৰ ৰক্তপাত হয় তেতিয়া তেজৰ কোষ সমূহ একলেগে গোট খাই ৰক্তপাত বন্ধ কৰাত সহায় কৰে । কিন্তু হিম'ফিলিয়া ৰোগীৰ ক্ষেত্ৰত ব্য়তিক্ৰম হয় । হিম'ফিলিয়াৰ বহুতো প্ৰকাৰ আছে । বেছিভাগেই উত্তৰাধিকাৰ সূত্ৰে হয় । অৱশ্য়ে ৩০ শতাংশ লোকৰ এই ৰোগৰ কোনো পৰিয়ালকেন্দ্ৰিক ইতিহাস পোৱা যোৱা নাই । এওঁলোকৰ জিনত অপ্ৰত্যাশিত এক পৰিৱৰ্তন দেখা পোৱা যায় । আনহাতে অৰ্জিত হিম'ফিলিয়া এনে এটা বিৰল ধৰণৰ অৱস্থা যেতিয়া কোনো লোকৰ প্ৰতিৰোধ ব্যৱস্থা ৰক্ত গোট মৰা কাৰক সমূহত আক্ৰমণ চলায় তেতিয়া দেখা পোৱা যায় । সাধাৰণতে গৰ্ভাৱস্থা,অট'ইম্য়ুন পৰিস্থিতি,কৰ্কট ৰোগ, মল্টিপুল স্কেলেৰ'ছিচৰ সৈতে জড়িত এই ৰোগ ।
হিম'ফিলিয়াৰ ফলত কি হ'ব পাৰে-
- হাড়ৰ জোৰা সমূহত (joints) ৰক্তক্ষৰণ, যিটো পাচত পূৰণি সংযুক্ত ৰোগ তথা বিষৰ কাৰণ হ'ব পাৰে ।
- মূৰত ৰক্তশ্ৰাৱ আৰু কেতিয়াবা কেতিয়াবা মস্তিষ্কত ষ্ট্ৰক আৰু পক্ষঘাতৰ সমস্য়া সৃষ্টি কৰিব পাৰে ।
- ৰক্তশ্ৰাৱ বন্ধ নহ'লে অথবা মস্তিষ্কৰ গুৰুত্বপূৰ্ণ অংগই কাম নকৰিলে মৃত্যুও হ'ব পাৰে ।