অসম

assam

ETV Bharat / international

শান্তিৰ হকে নিয়ন্ত্ৰণ ৰেখা ভ্ৰমণ কৰিম : জাভেদ মিঞাঁদাদ - শান্তিপূৰ্ণভাৱে সকলো বিষয়ৰ সমাধানৰ পথ বাছি উলিয়াব লাগে : মিঞাঁদাদ

প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ জাভেদ মিঞাঁদাদে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ উদ্দেশ্যে মন্তব্য আগবঢ়াইছে ৷ মিঞাঁদাদে আশা প্ৰকাশ কৰে যে,ভাৰত আৰু পাকিস্তানে শান্তিপূৰ্ণভাৱে সকলো বিষয়ৰ সমাধানৰ পথ বাছি উলিয়াব ৷ সকলোৱে নিজৰ অধিকাৰৰ হকে যুঁজাৰ সুবিধা লাভ কৰিব লাগে বুলি মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ৷

শান্তিৰ হকে নিয়ন্ত্ৰণ ৰেখা ভ্ৰমণ কৰিম : জাভেদ মিঞাঁদাদ

By

Published : Aug 26, 2019, 7:22 PM IST

স্পৰ্টছ ডেস্ক, 26 আগষ্ট : প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ জাভেদ মিঞাঁদাদে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ উদ্দেশ্যে মন্তব্য আগবঢ়াইছে ৷ টুইটাৰত এক ভিডিঅ' পোষ্ট কৰি মিঞাঁদাদে মন্তব্য কৰে যে,"মই শান্তিৰ বাবে নিয়ন্ত্ৰণ ৰেখা (LoC) ভ্ৰমণ কৰিম ৷ ইয়াৰ বাবে মই শীৰ্ষ স্থানীয় ব্যক্তি,ক্ৰীড়া বিভাগৰ লোক আৰু সকলোকে নিমন্ত্ৰণ জনাম ৷ মই তালৈ গৈ সকলোকে শান্তি সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰিম ৷ মই দেশৰ জাতীয় পতাকা লৈ সীমান্ত ভ্ৰমণ কৰিম ৷ যদি অঞ্চলটোত অশান্তিকৰ পৰিস্থিতিৰ অন্ত নপৰালৈকে মই সকলোকে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিম আৰু কাশ্মীৰি লোকসকলৰ সমৰ্থনত আমি আছো বুলি তেওঁলোকক জানিবলৈ দিম" ৷

মিঞাঁদাদে আশা প্ৰকাশ কৰে যে,ভাৰত আৰু পাকিস্তানে শান্তিপূৰ্ণভাৱে সকলো বিষয়ৰ সমাধানৰ পথ বাছি উলিয়াব ৷ সকলোৱে নিজৰ অধিকাৰৰ হকে যুঁজাৰ সুবিধা লাভ কৰিব লাগে বুলি মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ৷

উল্লেখ্য যে,চলিত মাহৰ 5 তাৰিখে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিল কৰাৰ লগতে ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৷ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ভাৰত আৰু পাকিস্তান সীমান্তত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ লগতে দুয়ো দেশৰ ব্যৱসায়-বাণিজ্যতো ইয়াৰ প্ৰভাৱ সুস্পষ্ট হৈ পৰিল ৷ বহু ক্ৰিকেটাৰে ভাৰতৰ বিৰুদ্ধে আক্ৰোশমূলক মন্তব্য কৰাৰ সময়তে মিঞাঁদাদেও মন্তব্য কৰিছিল যে,পাকিস্তানৰ হাতত পাৰমাণৱিক বোমা আছে আৰু এই বোমাই ভাৰতক বিধস্ত কৰি দিব ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details