অসম

assam

ভাইৰাছ-আক্ৰান্ত চীনলৈ WHOৰ নিৰীক্ষণকাৰী দল প্ৰেৰণ

By

Published : Feb 9, 2020, 5:35 PM IST

চীনলৈ এক নিৰীক্ষণকাৰী দল প্ৰেৰণ কৰিব WHOয়ে ৷ চীনৰ পৰা সঁহাৰি লাভ কৰাৰ পাচতে নিৰীক্ষণকাৰী দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশ্ব স্বাস্থ্য সংস্থাই ৷

ভাইৰাছ-আক্ৰান্ত চীন
WHO ৰ অভিযানকাৰী দল প্ৰেৰণ

ইন্টাৰনেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী : বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কৰ'ণাভাইৰাছত আক্ৰান্ত চীনলৈ প্ৰেৰণ কৰিব আন্তৰাষ্ট্ৰীয় এক নিৰীক্ষণকাৰী দল ৷ তথ্য অনুসৰি, শনিবাৰে WHO ৰ নেতৃত্বত এটা নিৰীক্ষণকাৰী দল প্ৰেৰণক লৈ চীনৰ পৰা সঁহাৰি লাভ কৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰে বিশ্ব স্বাস্থ্য সংস্থাই ৷

WHO ৰ মহানিৰ্দেশক তেডৰ'ছ আধানোম ঘেব্ৰেয়েছুছে কয় যে, এই দলটোৰ নেতৃত্ব প্ৰদান কৰিবলগা ব্যক্তি গৰাকীয়ে সোমবাৰে চীনলৈ উৰা মাৰিব আৰু তেওঁৰ পাচতে অন্য লোকসকল চীনত উপস্থিত হ'ব ৷ আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ চেন্টাৰো এই দলটোৰ অংশ হ'ব নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেডৰ'ছে কয় যে, "আমি আশা কৰিছো যেন এনে হওঁক ৷"

দলৰ নেতৃত্ব প্ৰদানকাৰী বিষয়া আৰু অন্য সদস্যসকলৰ নাম বৰ্তমান উল্লেখ নকৰিলেও অতি সোনকালেই জনোৱা হ'ব বুলি জানিবলৈ দিয়ে তেডৰ'ছে ৷

উল্লেখ্য যে, প্ৰাণনাশক কৰ'ণাভাইৰাছৰ ফলত চীনত বৰ্তমানলৈকে 811 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে, 37,000 লোক এই ভাইৰাছৰ ফলত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক : টেঙাপানীৰ 490 মিটাৰ দৈৰ্ঘৰ জুবিন গাৰ্গ সেঁতু

ABOUT THE AUTHOR

...view details