ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী: ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থকাৰ পিছত চীনৰ য়ুুহানত COVID-১৯ৰ উৎপত্তিৰ মূল উৎস সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকে । শুক্ৰবাৰে য়ুহানৰ হুবেই প্ৰভিন্সিয়েল হাস্পতাল পৰিদৰ্শন কৰিলে চিকিৎসকৰ দলটোৱে । প্ৰথম অৱস্থাত COVID-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসা কৰা হৈছিল এই চিকিৎসালয়খনতে । বহু প্ৰতীক্ষাৰ অন্তত শুক্ৰবাৰে এই চিকিৎসালয়খনৰ পৰাই চিকিৎসকসকলে গৱেষণা আৰম্ভ কৰে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসক আৰু চীনৰ স্বাস্থ্য বিষয়াৰ মাজত হোৱা এক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে, চিকিৎসকসকলে য়ুহানৰ চৌপাশৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিব । ডাটচ ভাইৰ'ল'জিষ্ট মেৰিয়ন কুম্পমেনছে টুইটযোগে এই কথা প্ৰকাশ কৰে । চীনত উপস্থিত হোৱাৰ পিছতে চিকিৎসকসকল ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত আছিল আৰু বৃহস্পতিবাৰে কোৱাৰেণ্টাইনৰ অন্ত পৰে । কোৱাৰেণ্টাইনত থকাৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকে চীনা বিষয়াৰে ভিডিঅ' কনফাৰেন্সযোগে কেইবাবাৰো বৈঠকত মিলিত হয় আৰু চিকিৎসকৰ দলটোৰ য়ুহান ভ্ৰমণ সন্দৰ্ভত বৈঠকত আলোচনা কৰে ।
শুক্ৰবাৰে তেওঁলোক হুবেই প্ৰভিন্সিয়েল হাস্পতালত উপস্থিত হয় । হাস্পতালখনৰ চিকিৎসক ড০ ঝাং জিংজিয়ানে ঘটনাসমূহৰ বিৱৰণ দাঙি ধৰে । ২০১৯ চনৰ ২৭ ডিচেম্বৰত হাস্পতালখনত COVID-১৯ৰ প্ৰথমটো ঘটনা পঞ্জীয়ন কৰা হৈছিল আৰু সেই সময়ত উক্ত ৰোগ 'অজ্ঞাত কাৰণত হোৱা নিউম'নিয়া' বুলি কোৱা হৈছিল । বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বে টুইটযোগে প্ৰকাশ কৰিছিল যে, চিকিৎসকৰ দলটোৱে মহামাৰী সন্দৰ্ভত বিস্তৃত তথ্য জনোৱাৰ বাবে চীনা কৰ্তৃপক্ষক আহ্বান জনাইছে আৰু COVID-১৯ত প্ৰথম আক্ৰান্ত হোৱা ৰোগীক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে ।