ইন্টাৰনেশ্যনেল ডেস্ক, 23 মে': তৎক্ষণাত বাৰ্তা প্ৰেৰণ কৰিব পৰা সেৱা 'হোৱাটছ এপ'ৰ শেহতীয়া সংস্কৰণত QR কোডৰ দ্বাৰা স্কেনিঙৰ জৰিয়তে ফোন নম্বৰ মোবাইলত ছেভ কৰিব পৰা যাব ৷ The Verge য়ে জানিবলৈ দিয়া অনুসৰি, iOS আৰু Android দুয়ো ধৰণৰ ফোনতে উপলব্ধ হ'ব এই বৈশিষ্ট্য ৷ এপৰ চেটিংছৰ মেন্যুত অপচন নিৰ্বাচন কৰাৰ পাচতে নিজৰ কোড ওলোৱাৰ লগতে অন্য লোকৰ মোবাইল স্কেন কৰিব পৰা যাব ৷
হোৱাটছ এপত সংলগ্ন হ'ব ফোন নম্বৰ ছেভ কৰা নতুন বৈশিষ্ট্য - iOS আৰু Android দুয়ো ধৰণৰ ফোনতে উপলব্ধ হ'ব এই বৈশিষ্ট্য
হোৱাটছ এপত সংলগ্ন হ'ব ফোন নম্বৰ ছেভ কৰা নতুন বৈশিষ্ট্য ৷ iOS আৰু Android দুয়ো ধৰণৰ ফোনতে উপলব্ধ হ'ব এই বৈশিষ্ট্য ৷

হোৱাটছ এপত সংলগ্ন হ'ব ফোন নম্বৰ ছেভ কৰা নতুন বৈশিষ্ট্য
ইয়াৰোপৰি, আপুনি নম্বৰ শ্বেয়াৰ কৰিব নিবিচৰা কোনো লোকৰ ক্ষেত্ৰত QR কোড আঁতৰাই ৰাখিব পৰাৰো সুবিধা থাকিব ৷ এই বৈশিষ্ট্য অধিক সুবিধাজনক হ'ব বুলি ধাৰণা কৰা হৈছে ৷
বৰ্তমানলৈকে বেটাৰ জৰিয়তেহে হোৱাটছ এপৰ এই বৈশিষ্ট্য উপলব্ধ ৷ প্ৰধান এপটোলৈ এই সুবিধা আহিবলৈ কিমান দিন লাগিব এই সম্পৰ্কত বৰ্তমানলৈকে কোনো তথ্য প্ৰদান কৰা হোৱা নাই ৷
TAGGED:
WhatsApp testing new feature