নিউজ ডেস্ক, 24 এপ্ৰিলঃ ভ্লাদিভস্তক চামিটৰ বাবে ৰাছিয়ালৈ ৰাওনা হৈছে উত্তৰ কোৰিয়াৰ শাসক কিম জং উন৷ উত্তৰ কোৰিয়াৰ পৰা এক বিশেষ ৰে'লযোগে বুধবাৰে ৰাছিয়ালৈ ৰাওনা হৈছে দক্ষিণ কোৰিয়াৰ শাসকগৰাকী ৷
ৰাছিয়ালৈ ৰাওনা কিম জং উন
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভ্লাদিভস্তক চামিটত মিলিত হ'ব দক্ষিণ কোৰিয়াৰ শাসক কিম জং উন
ৰাছিয়ালৈ ৰাওনা কিম জং উন
ৰাছিয়াত উপস্থিত হৈ দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব কিম জং উনে ৷ উত্তৰ কোৰিয়া আৰু ৰাছিয়াৰ দ্বিপাক্ষিক আলোচনাৰ বাবেই ভ্লাদিভস্তক চামিটত মিলিত হ'ব দুয়োগৰাকী নেতা ৷ এই চামিটত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক, ধৰ্মীয় সহযোগ আৰু কোৰিয়ান প্ৰান্তত ডিনিউক্লিয়াৰেছন সন্দৰ্ভত আলোচনা কৰিব দুয়োগৰাকী নেতাই ৷ উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'ণাল্ড ট্ৰাম্পৰ সৈতে হানৈ চামিট বিফল হোৱাৰ পাচত প্ৰথমবাৰ বিদেশ ভ্ৰমণলৈ ৰাওনা হৈছে কিম জন উন ৷