অসম

assam

ETV Bharat / international

পুনৰ নিৰ্মাণ কৰা হ'ব চৰমপন্থী ইছলামীয়ে ধ্বংস কৰা পাকিস্তানৰ হিন্দু মন্দিৰ - খাইবাৰ পাখতুনখোয়াৰ হিন্দু মন্দিৰ পুনৰ নিৰ্মাণ

পাকিস্তানত ইছলামিক চৰমপন্থী লোকে ভাঙি চূড়মাৰ কৰা হিন্দু মন্দিৰ পুনৰ নিৰ্মাণ কৰাৰ নিৰ্দেশ খাইবাৰ পাখতুনখোয়া চৰকাৰৰ ৷ ঘটনাৰ জড়িত থকাৰ অভিযোগত 45 গৰাকী লোকক আটক ৷ ঘটনা সন্দৰ্ভত 350 গৰাকীৰো অধিক লোকৰ নাম গোচৰত উল্লেখ ৷ আটাইৰে বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৷ স্থানীয় মৌলবীৰ পৰিকল্পনা তথা নিৰ্দেশত হিন্দু মন্দিৰটো আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷

Vandalised Pak Hindu temple to be reconstructed
Vandalised Pak Hindu temple to be reconstructed

By

Published : Jan 2, 2021, 10:31 AM IST

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী:পাকিস্তানৰ খাইবাৰ পাখতুনখোয়া প্ৰদেশৰ অন্তৰ্গত কাৰাক জিলাত অৱস্থিত এটা হিন্দু মন্দিৰ চৰমপন্থী ইছলামিক লোকে ভাঙি চূড়মাৰ কৰা ঘটনা সংঘটিত হোৱাৰ পাছতে খাইবাৰ পাখতুনখোয়া চৰকাৰে মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে ৷ কাৰাক চহৰৰ টেৰি অঞ্চলত অৱস্থিত মন্দিৰটো পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰাৰ লগতে আক্ৰমণকাৰী সকলৰ বিৰুদ্ধেও প্ৰশাসনে অভিযান আৰম্ভ কৰিছে ৷

খাইবাৰ পাখতুনখোয়াৰ মুখ্যমন্ত্ৰী মাহমুদ খানে হিন্দু মন্দিৰটো পুনৰ নিৰ্মাণৰ কথা সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এক নিৰ্দেশনা জাৰি কৰাৰ সমান্তৰালকৈ আৰক্ষী প্ৰশাসনে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযুক্ত 45 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷ মন কৰিব লগীয়া যে আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা 45 গৰাকী লোকৰ ভিতৰত তিনিগৰাকী মৌলবীও আছে ৷ এই তিনি মৌলবীৰ ভিতৰত এগৰাকী হ'ল জমিয়ত-উলেমা-ই-ইছলাম-ফজল ৰ এগৰাকী স্থানীয় নেতা ৰেহমান চালাম খট্টক ৷

শ্ৰী পৰমহংসজী মহাৰাজৰ মন্দিৰৰ বৰ্ধিত নিৰ্মাণক লৈ অব্যাহত থকা তৰ্ক-বিতৰ্কৰ মাজতে অসন্তুষ্ট আৰু উন্মত্ত প্ৰতিবাদকাৰীয়ে বুধবাৰে অগ্নি সংযোগ কৰি মন্দিৰটো ধ্বংস কৰাৰ চেষ্টা কৰে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৰেহমান চালাম খট্টকে আক্ৰমণ সংঘটিত হোৱাৰ ঠিক আগে আগে মন্দিৰটোত অনুষ্ঠিত এক সভাত অংশ লৈছিল ৷ অৱশ্যে দুগৰাকী স্থানীয় মৌলবী মৌলানা মহম্মদ শ্বৰিফ আৰু মৌলানা ফইজুল্লাই মন্দিৰটো আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে আক্ৰমণৰ নিৰ্দেশ দিছিল ৷ জানিব পৰা মতে আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে কুৰিৰো অধিক ঘৰ চলাথ কৰিছে ৷

কাৰাক চহৰৰ এই মন্দিৰটোৱে এক গুৰুত্বপূৰ্ণ বিশেষত্ব বহন কৰি আছে কিয়নো 2015 চনত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে খাইবাৰ পাখতুনখোয়া চৰকাৰক মন্দিৰটো পুনৰ্নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোক সকলৰ মাজত ধৰ্মীয় বিবাদে এক সংঘাতৰ ৰূপ ধাৰণ কৰাৰ পাছতে এই নিৰ্দেশ প্ৰদান কৰা হৈছিল ৷

খাইবাৰ পাখতুনখোয়াৰ আৰক্ষী মহাপৰিদৰ্শক চানাউল্লাহ আব্বাচিয়ে জনাইছে যে গোচৰ ৰুজু কৰাৰ পাছতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ অতি সোনকালেই ঘটনাটোত জড়িত থকা অধিক লোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি জানিবলৈ দি তেওঁ কয় যে প্ৰায় 350 গৰাকী লোকৰ নাম গোচৰত উল্লেখ কৰা হৈছে ৷
লগতে পঢ়ক:হিন্দু মন্দিৰ ধ্বংসৰ অভিযোগত পাকিস্তানত গ্ৰেপ্তাৰ 24 জনক

ABOUT THE AUTHOR

...view details