ইন্টাৰনেশ্বনেল ডেস্ক, 10আগষ্ট : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতি জ'ৱানা ৰ'নেকাই পাকিস্তানে ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰা চিঠি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে ৷ উল্লেখ্য যে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীয়ে সাধাৰণ সচিব অন্ট'নিঅ' গুটেৰেছলৈ জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণ সন্দৰ্ভত এখন চিঠি প্ৰেৰণ কৰিছিল ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে ৰ'নেকাই ৷
পাকিস্তানৰ চিঠি সম্পৰ্কত মন্তব্য কৰিবলৈ অস্বীকাৰ নিৰাপত্তা পৰিষদৰ
পাকিস্তানে ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰা চিঠি সন্দৰ্ভত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতি জ'ৱানা ৰ'নেকাই ৷
জ'ৱানা ৰ'নেকা
উল্লেখ্য যে, বুধবাৰে পাকিস্তানৰ স্থায়ী প্ৰতিনিধি মলিহা লোধীয়ে এই সম্পৰ্কত ৰেনেকাৰ সৈতে এক আলোচনাত মিলিত হৈছিল ৷ আনহাতে, বৈদেশিক মন্ত্ৰী কুৰেশ্বীয়েও চিঠিৰ জৰিয়তে সাধাৰণ সচিব গুটেৰেছক কাশ্মীৰত এক বিশেষ প্ৰতিনিধি নিয়োগ কৰি ঘটনাৰ সত্যাসত্য নিৰূপনৰ বাবে অনুৰোধ জনাইছিল ৷ বৃহস্পতিবাৰে গুটেৰেছৰ মুখপাত্ৰ ষ্টেফানে ডুজাৰেকে উল্লেখ কৰে যে, এই সম্পৰ্কত অধ্যয়ন কৰা হৈছে ৷ সাধাৰণ সচিব গৰাকীয়ে সমগ্ৰ পৰিস্থিতি ভালদৰে পৰ্যবেক্ষণ কৰি আছে বুলি মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে ৷