অসম

assam

By

Published : Feb 18, 2020, 11:30 PM IST

ETV Bharat / international

কাৰ্টাৰপুৰ চাহিব পৰিদৰ্শন ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ গুটৰেজৰ

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ গুটেৰেজে পৰিদৰ্শন কৰে কাৰ্টাৰপুৰ চাহিব ৷ লাহোৰৰ পৰা 125 কিলোমিটাৰ নিলগত সচিবপ্ৰধানগৰাকীক আদৰণি জনায় পাকিস্তানৰ শিখ গুৰুদ্বাৰা পাৰবান্ধিক কমিটী আৰু ইভাকুই ট্ৰাষ্ট প্ৰোপাৰ্টি বোৰ্ডৰ বিষয়বৱীয়াই ৷ এগৰাকী শিখ শিশুৱে ফুলৰ থোপাৰে আদৰণি জনায় ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীক ৷

UN chief visits Kartarpur Sahib in Pakistan
কাৰ্টাৰপুৰ চাহিব পৰিদৰ্শন ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ গুটৰেজৰ

নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰী : ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ গুটৰেজে পৰিদৰ্শন কৰে পাকিস্তানস্থিত কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰা ৷ পাকিস্তানৰ নাৰোৱাল চহৰস্থিত গুৰুদ্বাৰা দৰবাৰ চাহিব কাৰ্টাৰপুৰ হৈছে শিখসকলৰ ধৰ্মগুৰু গুৰু নানক দেৱৰ অন্তিম জিৰণি স্থল ৷ লাহোৰৰ পৰা 125 কিলোমিটাৰ নিলগত সচিবপ্ৰধানগৰাকীক আদৰণি জনায় পাকিস্তানৰ শিখ গুৰুদ্বাৰা পাৰবান্ধিক কমিটী আৰু ইভাকুই ট্ৰাষ্ট প্ৰোপাৰ্টি বোৰ্ডৰ বিষয়বৱীয়াই ৷ এগৰাকী শিখ শিশুৱে ফুলৰ থোপাৰে আদৰণি জনায় ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীক ৷

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীক এই ভ্ৰমণৰ কালতে কাৰ্টাৰপুৰ কৰিডৰ সন্দৰ্ভতো অৱগত কৰোৱা হয় ৷ কমলা ৰঙৰ স্কাৰ্ফ পিন্ধি গুৰুদ্বাৰাটো পৰিদৰ্শন কৰে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীয়ে ৷ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীৰ ভ্ৰমণক লৈ গুৰুদ্বাৰা চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় ৷

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ গুটৰেজৰ

কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰা পৰিদৰ্শন কৰাৰ পূৰ্বেই লাহোৰ ব্যৱস্থাপনা বিজ্ঞান বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে আলোচনাত বহে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ গুটেৰেজে ৷ আলোচনাত শিক্ষাৰ্থীসকলক নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যাৰ ওপৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় সচিবপ্ৰধানগৰাকীয়ে ৷ ইয়াৰ উপৰিও তেওঁ পাকিস্তানৰ এক পলিঅ' প্ৰতিষেধক কাৰ্যক্ৰমনিকাও উদ্বোধন কৰে ৷

ABOUT THE AUTHOR

...view details