অসম

assam

ETV Bharat / international

পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি ব্ৰিটেইনত নিশাৰ ভিতৰত ৫০,০০০ তকৈও অধিক লোক কৰ'ণাত আক্ৰান্ত - পূৰ্বৰ ৰেকৰ্ড ভংগ

ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে এনিশাৰ ভিতৰত ৫০,০০০ তকৈও অধিক লোক কৰ'ণাত আক্ৰান্ত । বৰদিনৰ পাচতেই লণ্ডনত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,০০০ জনলৈ বৃদ্ধি পায় । ২৪ ডিচেম্বৰৰ তুলনাত সোমবাৰৰ দিনটোলৈ ২৫ শতাংশ বৃদ্ধি হয় ।

ব্ৰিটেইনত নিশাৰ ভিতৰত ৫০,০০০  আক্ৰান্ত
ব্ৰিটেইনত নিশাৰ ভিতৰত ৫০,০০০ আক্ৰান্ত

By

Published : Dec 30, 2020, 1:20 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ: মংগলবাৰে প্ৰকাশ কৰা চৰকাৰী তথ্য় অনুসৰি বিশ্বত অতিমাৰী কৰ'ণা ভাইৰাছৰ সংকটৰ সময়ত ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে এনিশাৰ ভিতৰতে ৫০,০০০ তকৈও অধিক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । ব্ৰিটেইনত নিশাৰ ভিতৰত ৫৩,১৩৫ জন লোকৰ দেহত Covid-১৯ পজিটিভ ধৰা পৰে । বৰ্তমান দেশখনত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ২,৩৮২,৮৬৫ জন । লগতে দেশখনত পজিটিভ ধৰা পৰাৰ ২৮ দিনৰ ভিতৰত ৪১৪ জনৰ মৃত্যু হোৱাত নিহতৰ সংখ্যা ৭১,৫৬৭ জনলৈ বৃদ্ধি পায় । ব্ৰিটেইনে অতিমাৰী কৰ'ণা ভাইৰাছৰ এক জটিল পৰ্যায়ৰ দিশে গতি কৰাৰ কথা প্ৰকাশ কৰে দেশখনৰ নৱ আপাতকালীন শ্বসন ভাইৰাছ সতৰ্কবাণী পৰামৰ্শকাৰী দল চমুকৈ Nervtag ৰ প্ৰফেচৰ এন্ড্ৰিঅ' হেৱৰ্ডে । এক অনুষ্ঠানত অংশগ্ৰহণ কৰি হেৱৰ্ডে কয় যে অহা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অতিমাৰী কৰ'ণা ভাইৰাছে জটিল ৰুপ ধাৰণ কৰিব । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰীভাৱে বিহীত ব্য়ৱস্থা লোৱাৰ অধিক আৱশ্যক । ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাইও এই সন্দৰ্ভত জাননী জাৰী কৰে ।

ইফালে বুধবাৰে ইংলেণ্ডত কৰ'ণাৰ প্ৰকোপৰ সংখ্যা হ্ৰাস হোৱাৰ কথা প্ৰকাশ কৰাৰ আশা প্ৰকাশ কৰিছে ব্ৰিটিছ স্বাস্থ্য সচিব মেট হেনকাকে । ব্ৰিটিছ চৰকাৰৰ চাইন্টিফিক এডভাইজৰী গ্ৰুপ ফৰ ইমাৰজেঞ্চীচে ইংলেণ্ডৰ সকলো ক্ষেত্ৰৰ লোকক ঘৰৰ পৰা কাম কৰিবলৈ অনুমতি দিয়ে । লগতে বিনা কাৰণত ঘৰৰ পৰা বাহিৰ নোলাবলৈও অনুৰোধ জনায় ।

বৰদিনৰ পাচতেই লণ্ডনত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,০০০ জনলৈ বৃদ্ধি পায় । উল্লেখযোগ্য যে ইংলেণ্ডৰ ভিন্ন প্ৰান্তত পূৰ্বৰে পৰা কৰ'ণাৰ বাবে চৰকাৰে বান্ধি দিয়া কঠোৰ নিয়মৰ অধীনত আছিল । কেৱল বৰদিনৰ দিনাখন সকলোৱে Covid প্ৰটকল মানি চলি উদযাপন কৰিছিল বিশেষ দিনটো ।

২৪ ডিচেম্বৰত দেশখনত ৩,৯৬৬ জন লোক চিকিৎসাধীন হৈ আছিল আৰু সোমবাৰে ৪,৯৭৫ জন লোক চিকিৎসাধীন হৈ থকাৰ খবৰ লাভ কৰা গৈছে । ২৪ ডিচেম্বৰৰ তুলনাত সোমবাৰৰ দিনটোলৈ ২৫ শতাংশ বৃদ্ধি হয় ।

সমান্তৰালভাৱে লণ্ডৰ বিপৰীতে আমেৰিকাত কৰ'ণাৰ প্ৰথমটো স্তৰত যোৱা ৯ এপ্ৰিললৈ ৫,২০১ জনলৈ নিহত হয় ।

লগতে পঢ়ক: ট্ৰাম্প প্ৰশাসনৰ ভেকচিনেচন প্ৰক্ৰিয়া কাৰ্যসূচীতকৈ বহু পিছ পৰি আছেঃ জ’ বাইডেন

ABOUT THE AUTHOR

...view details