অসম

assam

ETV Bharat / international

তিনি দিনৰ কাৰ্যসূচীৰে ভাৰতত ইউ এ ইৰ বিদেশ মন্ত্ৰী - শেইখ আব্দুল্লাহ বিন জেইদ অল নাহয়ান

শক্তি আৰু নিৰাপত্তাৰ দিশৰ পৰা অতন্ত্য গুৰুত্বপূৰ্ণ বিবেচিত হৈছে এই ভ্ৰমণ । ভাৰতৰ তৃতীয় বৃহৎ বানিজ্যিক সহযোগী ৰাষ্ট্ৰ ইউনাইটেড আৰব আমিৰে'টছ ।

তিনি দিনৰ কাৰ্যসূচীৰে ভাৰতত ইউ এ ইৰ বিদেশ মন্ত্ৰী

By

Published : Jul 8, 2019, 10:02 AM IST

নেচনেল ডেক্স, ৮ জুলাই : ইউ এ ইৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শেইখ আব্দুল্লাহ বিন জেইদ অল নাহয়ান দেওবাৰে উপস্থিত হয় নতুন দিল্লীত । তিনি ভ্ৰমণ সূচীৰে ভাৰতলৈ অহা মন্ত্ৰীগৰাকী সোমবাৰে ভাৰতৰ বিদেশ মন্ত্ৰী সুব্ৰমনিয়াম জয়শংকৰৰ সৈতে এক বৈঠকত মিলিত হ'ব । তাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক বাণিজ্যিক ৰাউণ্ড টেবুল বৈঠকতও অংশগ্ৰহন কৰিব মন্ত্ৰীগৰাকীয়ে । এছ জয়শংকৰৰ সৈতে হ'ব লগা দ্বিপাক্ষিক বৈঠকে ভাৰত আৰু ইউ এ ইৰ মাজৰ বাণিজ্যিক তথা বন্ধুত্বৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে শেইখ আব্দুল্লাহ বিনে । উল্লেখযোগ্যযে প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ভ্ৰমণ কিৰিছিল প্ৰাচ্যৰ তৈল চহকী ৰাষ্ট্ৰখন । যিসময়ত আমেৰিকাই মধ্য প্ৰাচ্যৰ দেশ সমূহৰ পৰা তেল আমদানি কৰাৰ ক্ষেত্ৰত বিভিন্ন বাধা নিষেধ আৰোপ কৰিছে তেনে সময়ত মধ্য প্ৰাচ্যৰ দেশৰখনৰ বিদেশ মন্ত্ৰীৰ ভাৰত ভ্ৰমণ আন্তৰাষ্ট্ৰীয় ৰাজনীতি তথা বাণিজ্যৰ দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ ৰুপে বিবেচিত হৈছে ।

ABOUT THE AUTHOR

...view details