অসম

assam

ETV Bharat / international

ক'ভিডত আক্ৰান্ত হোৱা বাবে WHO ৰ ২ বিজ্ঞানীক প্ৰৱেশত বাধা চীনত - চীনৰ য়ুহানলৈ যোৱা বৈজ্ঞানিকৰ দল

ক্ষেত্ৰ গৱেষণাৰ বাবে চীনৰ য়ুহানলৈ যোৱা বৈজ্ঞানিকৰ দলৰ দুগৰাকী সদস্য COVID-১৯ত আক্ৰান্ত হৈছে । মহামাৰীৰ কবলত পৰাৰ পিছতে চীনত দুয়োগৰাকীৰে প্ৰৱেশত বাধা আৰোপ কৰা হৈছে । বৃহস্পতিবাৰে দলটোৰ আন ১৩ গৰাকী বৈজ্ঞানিক য়ুহানত উপস্থিত হয় ।

COVID-১৯ত আক্ৰান্ত হোৱাৰ বাবে চীনত বিশ্ব স্বাস্থ্য সংস্থাৰ ২ জন বিজ্ঞানীৰ প্ৰৱেশত বাধা
COVID-১৯ত আক্ৰান্ত হোৱাৰ বাবে চীনত বিশ্ব স্বাস্থ্য সংস্থাৰ ২ জন বিজ্ঞানীৰ প্ৰৱেশত বাধা

By

Published : Jan 14, 2021, 9:03 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ জানুৱাৰী: চীনৰ য়ুহানলৈ যোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ বৈজ্ঞানিকৰ দলৰ দুগৰাকী সদস্য COVID-১৯ত আক্ৰান্ত হোৱা বাবে এতিয়া তেওঁলোক ছিংগাপুৰতে থাকিবলগীয়া হৈছে । এই বৈজ্ঞানিক দুগৰাকীক চীনত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নাই । আনহাতে দলটোত থকা আন ১৩ গৰাকী বৈজ্ঞানিকে বৃহস্পতিবাৰে য়ুহানত উপস্থিত হয় আৰু ভাইৰাছৰ প্ৰকৃত উৎপত্তি সন্দৰ্ভত গৱেষণা কৰিব ।

বিশ্ব স্বাস্থ্য সংস্থাই টুইটযোগে প্ৰকাশ কৰা মতে, দুসপ্তাহৰ বাবে কোৱাৰিণ্টিনত থকাৰ পিছত কাম আৰম্ভ কৰিব বৈজ্ঞানিকৰ দলটোৱে । ছিংগাপুৰত সম্পন্ন হোৱা COVID-১৯ পৰীক্ষাত ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি প্ৰমাণিত হোৱাৰ পিছত দুগৰাকী বৈজ্ঞানিক ছিংগাপুৰতে থাকিবলগীয়া হয় । নিজ নিজ দেশত বৈজ্ঞানিকসকলৰ COVID-১৯ পৰীক্ষা সম্পন্ন কৰা হৈছিল । ছিংগাপুৰত পুনৰ তেওঁলোকৰ COVID-১৯ পৰীক্ষা কৰা হয় আৰু দুগৰাকী বৈজ্ঞানিক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।

চি এন এনে প্ৰকাশ কৰা মতে, মহামাৰীত আক্ৰান্ত বৈজ্ঞানিকৰ প্ৰৱেশত বাধা দিয়া সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয় যে, চীনে মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা সকলো নিৰ্দেশনা কঠোৰভাৱে মানি চলিছে আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ বৈজ্ঞানিকসকলক যাৱতীয় সকলো সুবিধা প্ৰদান কৰিব ।

লগতে পঢ়ক:য়েমেনত সেনা আৰু হাউথিৰ মাজৰ সংঘৰ্ষত ১২ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details