ইন্টাৰনেশ্বনেল ডেস্ক, 21 জুলাই : আমেৰিকাৰ মাটিত প্ৰথম বাৰৰ বাবে ইমৰান খানে প্ৰধানমন্ত্ৰী হিচাপে খোজ দিয়াৰ পাছতে সমগ্ৰ পাকিস্তানত উছাহ - উদ্দীপনা লক্ষ্য কৰা হৈছে ৷ কিন্তু ইমৰান খানৰ এই ভ্ৰমণক লৈ ট্ৰাম্প প্ৰশাসনৰ মুঠেও উৎসাহ দেখা পোৱা নগ'ল ৷ প্ৰতিবেদন অনুসৰি, শনিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ বিমানবন্দৰত উপস্থিত নহ'ল কোনো বিষয়ববীয়া ৷
আমেৰিকাৰ বিমান বন্দৰত অকলশৰীয়া প্ৰধানমন্ত্ৰী ইমৰান খান
টুইটাৰৰ জৰিয়তে সমালোচনাৰ সন্মুখীন পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৷ আমেৰিকাত উপস্থিত হোৱাৰ পাছতে তেওঁক আদৰিবলৈ উপস্থিতি নহ'ল ট্ৰাম্প কাৰ্যালয়ৰ কোনো বিষয়ববীয়া ৷
ব্যয় কম কৰাৰ লক্ষ্যৰে ব্যক্তিগত বিমানৰ পৰিৱৰ্তে ৰাজহুৱা বিমানেৰে আমেৰিকালৈ উৰা মৰা প্ৰধানমন্ত্ৰী গৰাকীক আমেৰিকাৰ বিমানবন্দৰত আদৰণী জনাই পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৷ আমেৰিকাত যথাযোগ্য আদৰণী নোপোৱাৰ পাছতে টুইটাৰ ব্যৱহাৰকাৰী সকলে বিভিন্ন টুইটেৰে কটাক্ষ কৰে পাকিস্তানী প্ৰধানমন্ত্ৰী গৰাকীক ৷
উল্লেখ্য যে, জুলাইৰ 22 তাৰিখে খানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে আলোচনাত মিলিত হ'ব ৷ এই আলোচনাতে খানে আফগানিস্তান আৰু দক্ষিণ এছিয়াৰ শান্তি সম্পৰ্কত ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰিব ৷